/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c1971443-a4f1-4139-b365-e200ea1186b2/ggfgf.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা কাজিৰঙাত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা ৷বহুকেইখন ৰাষ্ট্ৰৰ পৰ্যটকৰ আগমন হৈছে কাজিৰঙালৈ ৷ তাৰ মাজতে কাজিৰঙালৈ অহা এজন বিশেষ বিদেশী পৰ্যটক ৷
অসমৰ জনজীৱনৰ প্ৰতি মোহাচ্ছন্ন ফ্ৰান্সৰ পৰ্যটক গৰাকীৰ নাম মিচেল ৷ যাৰ বাবে এই পৰ্যন্ত ১০ বাৰ অসমলৈ আহিছে বিদেশী পৰ্যটক গৰাকী ৷শেহতীয়াকৈ বিগত বৰ্ষৰ মাৰ্চ মাহত অসমলৈ ভ্ৰমন কৰি যোৱা মিচেল প্ৰায় আঠ মাহৰ বিৰতিৰ পাছতে পুনৰ আহিল অসমলৈ ৷
লগত লৈ আহিল এগৰাকী সংগীক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি দূৰৰ পৰাহে দেখা পালে গঁড় ৷আশা আছিল যদিও বাঘ দেখাৰ সৌভাগ্য ন’হল তেওঁলোকৰ৷ তথাপিও আক্ষেপ নাই বিদেশী পৰ্যটকদ্বয়ৰ ৷ বন্যপ্ৰাণী বিচৰণ থলি ভ্ৰমন কৰাতেই তেঁওলোকৰ আনন্দ।
কেৱল কাজিৰঙাই নহয়। অসমৰ বিভিন্ন স্থান ভ্ৰমন কৰা বিদেশী পৰ্যটক গৰাকীয়ে গোলাঘাটত প্ৰত্যক্ষ কৰিলে হাতী-মানুহৰ সংঘাত ৷ সন্ধিয়াতে অৰণ্যৰ পৰা ওলাই অহা বন্য হস্তীৰ জাকে খেতি পথাৰত উপদ্ৰৱ চলোৱা, নিশা কটোৱা দৃশ্যৰ অভিজ্ঞতাও লাভ কৰিলে বিদেশী গৰাকীয়ে ৷মিচেলৰ মন্তব্য অসমৰ মানুহৰ অতিথিপৰায়ণতা, পৰিবেশ ,থলুৱা খাদ্য সম্ভাৰ তথা নদনদীৰে ভৰা প্ৰাকৃতিক পৰিবেশে তেওঁক বাৰে বাৰে হাত বাউলি দি মাতে অসমে ৷
Also Read: বিদ্যুৎস্পৃষ্ট কিশোৰৰ মৃত্যু,ন্যায়ৰ দাবী পৰিয়ালৰলোকৰ