/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/83c11aa3-1ea4-4032-a1e0-1402ede66269/criceket_web_png.png)
ডিজিটেল ডেস্ক : এন চি এৰ অধ্যক্ষ তথা প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণৰ আঙুলিত ধৰি জিম্বাব'ৱে ভ্ৰমণ কৰিব এজাক তৰুণ ক্ৰিকেটাৰে। চলিত টি-২০ বিশ্বকাপৰ পাছতে টীম ইণ্ডিয়াই জিম্বাব'ৱে ভ্ৰমণ কৰিব।
অৱশ্যে এই ভ্ৰমণত অধিকাংশ জ্যেষ্ঠ খেলুৱৈক বিশ্ৰাম দিয়াৰ চিন্তা-চৰ্চা কৰিছে বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে। তাৰোপৰি নতুন প্ৰশিক্ষক নাযায় জিম্বাব'ৱে অভিমুখী ভাৰতীয় দলৰ লগত।
বিপৰীতে ভি ভি এছ লক্ষ্মণৰ সৈতে যাব এজাক তৰুণ ক্ৰিকেটাৰৰে গঠিত হ'ব লগা ভাৰতীয় দল। দুই- এদিনতে ঘোষণা কৰিব জিম্বাব'ৱে ভ্ৰমণ কৰিব লগা দলটো।
দলটোক জ্যেষ্ঠ খেলুৱৈয়ে নেতৃত্ব দিব যদিও অধিকাংশই হ'ব তৰুণ ক্ৰিকেটাৰ। সাম্ভাৱ্য খেলুৱৈৰ দৌৰত আছে ৰিয়ান পৰাগ। ৰিয়ানৰ স্থান প্ৰায় নিশ্চিত ! ঘৰুৱা ছিজন আৰু শেহতীয়াকৈ আই পি এলত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে ৰিয়ানৰ নাম চৰ্চাত থকা বুলি এক সূত্ৰে জানিব পৰা গৈছে।
ইয়াৰোপৰি অভিষেক শৰ্মা, নীতিশ ৰেড্ডী, যশ দয়ালে ভাৰতীয় দলত স্থান লাভ কৰিলেও আচৰিত হ'ব লগা নাই। এইকেইগৰাকী তৰুণ খেলুৱৈৰ নামো চৰ্চাত আছে।
ইতিমধ্যে লক্ষ্মণৰ চোকা দৃষ্টিত নাগপুৰত প্ৰতিভাৱান ক্ৰিকেটাৰসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শ্ৰীলংকা ভ্ৰমণৰ পৰাই নতুন প্ৰশিক্ষকৰ কাৰ্যকাল আৰম্ভ হ'ব।
Also Read: আজিৰে পৰা মহা অম্বুবাচী মেলা