ঋণ দিয়াৰ নামত বৰপানী অট'মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

উপায়হীন পৰিয়াল কেইটা নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়া বুলিও জানিব পৰা গৈছে
ঋণ দিয়াৰ নামত বৰপানী অট'মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

ডিজিটেল সংবাদ,কামপুৰ : ৰাজ্য চৰকাৰে প্ৰৱঞ্চকৰ হাতৰ পৰা সৰ্বসাধাৰণ লোকে পৰিত্ৰাণ পোৱাৰ বাবে কঠোৰ ব্যৱস্থা হাতত লোৱাৰ সময়তে প্ৰতিদিনে ন ন ঠাইৰ পৰা আহিছে ন ন অভিযোগ। জানিব পৰামতে নগাঁও জিলাৰ কামপুৰৰ বৰপানী অট'মোবাইলৰ স্বত্বাধিকাৰী আব্দুল মালেকে কচুৱাৰ ৰাঙলুবস্তিৰ এঘাৰজন সহজ সৰল লোকক আত্মসহায়ক গোটক ঋণ দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে এই লোকসকলৰ পৰা আত্মসহায়ক গোটৰ ঋণ দিয়া হব বুলি কৈ তেওঁলোকৰ পৰা গুৰুত্বপূৰ্ণ নথি পত্ৰ সমূহ সংগ্ৰহ কৰে। পিছত মালেকে এই নথি পত্ৰসমূহ লোক কেইজনৰ অজ্ঞাতসাৰে কোনোলোকক ঋণত দুচকীয়া বাহন বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে।

ইতিমধ্যে এই ১১ জন লোকলৈ এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা মাহেকীয়া কিস্তি বিচাৰি প্ৰতিষ্ঠানটোৰ এজেণ্ট প্ৰতিমাহে অহাতহে উৰুহি গছৰ ওৰ ওলায়। প্ৰৱঞ্চিত হৈ উপায়হীন পৰিয়াল কেইটা নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়া বুলিও জানিব পৰা গৈছে।

ঋণ দিয়াৰ নামত বৰপানী অট'মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ
বিহালীত ভূমিপট্টা বিতৰণ কাৰ্য্যসূচীত মন্ত্ৰী পিয়ুষ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in