/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f98bd53b-b73f-4994-83b6-1ac31a92c126/333.jpg)
ডিজিটেল সংবাদ,বিহালী : শনিবাৰে বিশ্বনাথৰ বিহালীত মন্ত্ৰী পীয়ুয হাজৰিকাই ৰাজহুৱা সভাত অংশ লৈ অঞ্চলটোৰ লোকৰ মাজত ভূমি পট্টা বিতৰণ কৰে। আজি বৰগাঙস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত বিশ্বনাথ ৰাজহ চক্ৰ এলেকাৰ ৩৩১৫ গাৰকী আৰু হেলেম ৰাজহ চক্ৰৰ ২৭০০ গৰাকী লোকৰ মাজত ভুমি পট্টা প্ৰদানৰ কৰে মন্ত্ৰী হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/13fdd5c5-8b3a-485d-b4c2-9e0b90f61d7b/422710959_927272388853857_5025014870759705274_n.jpg)
বিশ্বনাথ জিলা গাওঁৰক্ষী বাহিনীৰ উপ-উপদেষ্টা কন্দৰ্প হাজৰিকাই আঁত ধৰা সভাত বিধায়ক ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা আয়ুক্ত ডা০ নেহা যাদৱ,হেলেম ৰাজহ চক্ৰৰ ৰাহজ বিষয়া ত্ৰিলীনা টাইডকে ধৰি বহুকেইগৰাকী বিষয়াবৰ্গ উপস্থিত থাকে ৷ সভাত মন্ত্ৰী হাজৰিকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ প্ৰচেষ্টাত ৰাজ্যত উন্নয়ণৰ গংগা বোৱা বুলি মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/71adb423-b078-4dfe-9103-f39a9d14f75d/422707097_927272492187180_2477212377925986155_n.jpg)
সভাত মিছন বসুন্ধৰা ২.০ৰ দ্বাৰা ৰাজ্যৰ থলুৱালোকক মাটিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা চৰকাৰে পদক্ষেপ লোৱা বুলি কয়। ইয়াৰোপৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে , ১৯৯০-১৯৯১ চনৰ পৰাই অসম সচিবালয়ত মাটি ম্যাদীকৰণ আৰু ভূমিপট্টা প্ৰদানৰ ফাইল পৰি আছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c5bf283f-b40a-4ebd-8789-e5ab03cfd4bd/422695676_927272672187162_7578080585166489767_n.jpg)
বিগত সময়ত কোনো এখন চৰকাৰে অসমৰ থলুৱালোকক মাটি অধিকাৰ প্ৰদানৰ কাম কৰাত আগ্ৰহী নাছিল;কিন্তু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অসমৰ থলুৱালোকক মাটি অধিকাৰ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যৰ দ্ৰুত বিকাশ আৰু উন্নয়ন হৈছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/124bf638-f5ef-4be2-a40a-2702d031ee49/422756631_927272968853799_1086458259305342021_n.jpg)
চলিত বৰ্ষত ৰাজ্যৰ বিশ্বনাথ জিলা আৰু চৰাইদেউ জিলাৰ "ৰেচনকাৰ্ড"প্ৰাপ্ত সকলো হিতাধিকাৰীক ''অৰুণোদয়'' প্ৰদানৰ "পাইলট প্ৰজেক্ট" আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে ৷ আনহাতে,বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁইয়ে অসম চৰকাৰৰ "মিচন বসুন্ধৰা'' আঁচনিৰ দ্বাৰা অসমৰ অথলুৱা পুঁজিপতিৰ হাতলৈ মাটি অধিকাৰ যাব বুলি মতামত ব্যক্ত কৰাৰ সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই ড০ গোহাঁইক তীক্ষ্ণ সমালোচনা কৰি নৈৰাজ্যবাদী লোক বুলি কয় ৷