নগাঁও পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী বৰ্ণলতা বৰাৰ মৃত্যুত শোকৰ ছাঁ...

নগাঁও পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী বৰ্ণলতা বৰাৰ মৃত্যুত শোকৰ ছাঁ...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ পানীগাঁও নিবাসী তথা নগাঁও পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী বৰ্ণলতা বৰা(৭৭)ৰ চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। হৃদৰোগত আক্ৰান্ত বৰাক বিগত ৯ জুলাইত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

নগাঁও পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰত শোঁকৰ ছাঁ পৰে। উল্লেখ্য যে, ২০০৭ বৰ্ষৰ পৰা ২০০৯ বৰ্ষলৈকে তেওঁ নগাঁও পৌৰসভাৰ সভানেত্ৰীৰ দায়িত্ব বহন কৰিছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰে জড়িত বৰ্ণলতা বৰা নগাঁও চহৰৰ পানীগাঁও নামঘৰ উন্নয়ন সমিতিৰ সভানেত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ লগতে এসময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও সদৰ আঞ্চলিকৰ সভানেত্ৰী হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল।

নগাঁও জিলা বাছ পৰিবহন সন্থাৰ প্ৰাক্তন কাৰ্যনিবাহক সদস্যা বৰ্ণলতা বৰাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰাৰ লগতে সংগীত শিল্পী মঞ্চ নগাঁও, নগাঁও পৌৰসভা, নগাঁও জিলা বাছ পৰিবহন সন্থা, পানীগাঁও নামঘৰ সমিতি, সমলয় সাংস্কৃতিক গোষ্ঠীকে ধৰি ভালেসংখ্যক ব্যক্তি-অনুষ্ঠানে শোক প্ৰকাশ কৰে ।

মৃত্যুৰ সময়তে তেওঁ সাংস্কৃতিক কৰ্মী ৰঞ্জিত বৰা( দাদু)সহ দুই পুত্ৰ, বোৱাৰী, দুগৰাকী কন্যা, নাতি-নাতিনী আৰু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। শনিবাৰে দুপৰীয়া বহু লোকৰ উপস্থিতিত আমোলাপট্টি শ্মশানত বৰ্ণলতা বৰাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন হয়।

নগাঁও পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী বৰ্ণলতা বৰাৰ মৃত্যুত শোকৰ ছাঁ...
উত্তাল নামৰূপঃ চৰকাৰৰ হঠকাৰী সিদ্ধান্তত সৰৱ জাতীয় সংগঠন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in