বঢ়মপুৰত "ব'হাগৰ দুপৰীয়া": ছাত্ৰী-শিক্ষয়ত্ৰীয়ে একেলগে ভাঙিলে কঁকাল...

বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত "ব'হাগৰ দুপৰীয়া" শীৰ্ষক অনুষ্ঠান। হুঁচৰি, বিহুনৃত্য প্ৰতিযোগিতাৰে মুখৰ বিদ্যালয়ৰ পৰিৱেশ...

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত "ব'হাগৰ দুপৰীয়া": ছাত্ৰী-শিক্ষয়ত্ৰীয়ে একেলগে ভাঙিলে কঁকাল...

ডিজিটেল সংবাদ, বঢ়মপুৰ : এতিয়া ৰঙালীৰ বতৰ। ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো পালন কৰা হৈছে ৰঙালীৰ বিশেষ অনুষ্ঠান। নগাঁও জিলাৰ বঢ়মপুৰৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বুধবাৰে "বিশ্ব দৰবাৰলৈ বাপতি সাহোন বিহুটি" - এই আপাহতে আমাৰো "ব'হাগৰ দুপৰীয়া" শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান উদযাপন কৰা হয়।

Advertisment

হেঁপাহৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি পুৱা ১১ বজাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক যোগব্ৰত হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰীসকল, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক তথা কৰ্মচাৰীসকলে যৌথভাৱে অংশগ্ৰহণ কৰি বিহুৰ এক সুন্দৰ বাতাৱৰণৰ মাজেৰে বিদ্যালয়ৰ পৰিৱেশ জীপাল কৰি তোলে। বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্ৰীসকলে অধ্যয়ন কৰি থকা এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰ ছাত্ৰীসকলে পৃথকে-পৃথকে হুঁচৰি প্ৰতিযোগিতা , বিহু নৃত্য প্ৰতিযোগিতা আদিত অংশগ্ৰহণেৰে বিদ্যালয়খনক সমন্বয়ৰ এক উৎসৱস্থলীলৈ পৰিণত কৰে ।

প্ৰতিযোগিতাসমূহৰ অন্তত স্থানপ্ৰাপ্ত দলসমূহক বিদ্যালয়ৰ ফালৰ পৰা পুৰস্কৃত কৰা হয় আৰু স্থানপ্ৰাপ্ত দলসমূহে শিক্ষাগুৰুসকলৰ সন্মুখত কোনোৱে এফাঁকি বিহুৰ যোজনা , আন কোনোৱে সেৱা-শ্ৰদ্ধা জনাই পুৰস্কাৰ গ্ৰহণ কৰে । অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে মনোৰাম কলিতা, দিলীপ ভূঞা আদিকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ শিক্ষকমণ্ডলী, অভিভাৱক ৰাইজ আৰু দুইশতাধিক ছাত্ৰী উপস্থিত থাকে ।

Also Read: ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...

bihu barhampur