/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c8d06b20-1e1d-46b8-a823-4ef414245793/xxxx.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ উৰিয়া গাঁৱৰ প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয় প্ৰাংগণত বিস্তৃত কার্যসূচীৰে পালন কৰা হয়। পুৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ বনিয়াই বন্তি প্ৰজ্বলনেৰে আৰু প্ৰেছ ক্লাৱৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কার্যসূচীৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ffc36ef5-101f-40f4-9e0d-dc71f51b804c/410c25ac_d156_44b7_80d9_c232b4e112df.jpg)
ইয়াৰ পিছতে প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। ক্লাবৰ সম্পাদক নিপুল বৰাই আঁত ধৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱানন্দ গোস্বামী, নাট্যকাৰ, অভিনেতা তথা পৰিচালক কমলেশ শইকীয়া, শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰা, সমাজকৰ্মী হৰ বৰা, হেমকান্ত বৰা, চন্দ্ৰ হাজৰিকা, অভিনেতা প্ৰাঞ্জল হাজৰিকা, সংগ্ৰামী যুৱক বিৰিঞ্চি বৰা উপস্থিত থাকে। ইয়াৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0b498fd6-780f-436f-87ff-cacb248d6c18/bbef290f_eb14_4bc4_a777_693f40eb654b.jpg)
অনুষ্ঠানৰ অন্তত সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ ১০গৰাকী বয়োজ্যেষ্ঠ আৰু বিশিষ্ট ব্যক্তিক তেওঁলোকৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা ব্যক্তি সকল হৈছে- ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত কৃতী শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰসন্ন কুমাৰ গোস্বামী, অৱসৰ প্ৰাপ্ত শিক্ষক তথা শ্ৰীশ্ৰী ডোখোৰা মুখ সত্ৰৰ সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী, বিশিষ্ট নাট্য শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন চন্দ্ৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী থুলেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী গিৰিশ কলিতা, বিশিষ্ট কবি-লেখক তথা শিল্পী গোলাপ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী নৰেন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট পুতলা নাচৰ শিল্পী তথা সমাজকৰ্মী উপেন শর্মা, বিশিষ্ট বায়ন তথা সমাজকৰ্মী কুশল বৰা আৰু অৱসৰ প্ৰাপ্ত বেংক বিষয়া তথা সমাজকৰ্মী জিতু শৰ্মা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fae8eba6-44c6-4657-9eef-3710a9f09e18/e881e1c7_c8fe_4f8d_a2ed_4aa260b4b1ac.jpg)
এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে প্ৰেছ ক্লাৱৰ সম্পাদক নিপুল বৰা আৰু পত্ৰিকা সম্পাদক জয়ন্ত বৰাই। প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বঢ়মপুৰ পশুধন পামৰ পৰিচালক ডাঃ বিদ্যা বৰুৱা, ক্লাৱৰ কাৰ্যকৰী সভাপতি বৰুণ জ্যোতি নেওগ, সহ: সম্পাদক ৰিতু নেওগ, প্ৰচাৰ সম্পাদক হিমাংশু বৰা, পদ্ম হাজৰিকা, মৃনাল বৰুৱা উপস্থিত থাকে।
Also Read: মুকলি হ'ল ইতিহাস থিয়েটাৰৰ আখৰা শিবিৰ...