/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b5789320-1d13-46dd-980d-992f2ae9e668/Theatre.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : 'ভ্ৰাম্যমাণ থিয়েটাৰ এক চহকী, স্বতন্ত্ৰ কলা। যিয়ে অসমৰ নাট্য সংস্কৃতিক উজ্জ্বল ৰূপ প্ৰদান কৰিছে। অসমৰ ভ্ৰাম্যমাণ এতিয়া জাতীয় জীৱনৰ শক্তিশালী অংগ।'- এইবেলি পঞ্চদশ নাট্যবৰ্ষত উপনীত হোৱা ইতিহাস থিয়েটাৰৰ শুভ-নাট্যাৰম্ভ অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাই।
দেওবাৰে এক আড়ম্বৰপূৰ্ণ আয়োজনেৰে ইতিহাস থিয়েটাৰৰ শুভ নাট্যাৰম্ভ সম্পন্ন হৈ হয়। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ নৱজ্যোতি দাসে পতাকা উত্তোলনেৰে আৰম্ভণি কৰা অনুষ্ঠানটিৰ পিছতে যুৱ ব্যৱসায়ী ও নাট্যকর্মী গোপাল কলিতাই থিয়েটাৰৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয়টি আনুষ্ঠানিকভাবে উন্মোচন কৰে। আখৰা গৃহৰ মুখ্যদ্বাৰ উন্মোচন কৰে সাংস্কৃতিক সংগঠক তৰুণ চন্দ্ৰ কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/488ee9fe-f0c0-4149-b107-36cdc464c424/581fed4b_f33c_461e_8057_6fc5e33891d6.jpg)
দেওবাৰৰ আখৰা শিবিৰত বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় নাট্য সংগঠক তথা বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাক। শৰ্মাই শিল্পী, প্ৰযোজক, নাট্যকাৰ আৰু দৰ্শকৰ সু-সমন্বয়ত ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া অসমৰ সাংস্কৃতিক সম্পদ হৈ পৰা বুলি মন্তব্য কৰে । ইফালে আখৰা গৃহত কেপ্টেইন অবিনাশ আৰু মুখাপিন্ধা দৰা নাটকৰ পাণ্ডুলিপি পাঠ কৰে নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্যই ।
এই বৰ্ণিল অনুষ্ঠানটিত উপস্থিত থাকে ইতিহাস থিয়েটাৰৰ মুখ্য প্ৰযোজক সুভাষ দাস, প্ৰযোজক অখিল কলিতা, সহঃ প্ৰযোজক অঞ্জনজ্যোতি দাস, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবি দাস, মেঘনা দাস, নজৰুল হক, অপূৰ্ব তালুকদাৰ, জয়ন্ত বৈশ্য, ৰাণা পাটোৱাৰী, নেকিবুৰ ৰহমান, প্ৰবীণ কুমাৰ দাস, নিৰেন মালী, জিতেন চন্দ্ৰ দাস, জিতেন চন্দ্ৰ দাস(vfa), দ্বিপেন কুমাৰ, ভৱেশ চন্দ্ৰ দাস, জিতেন্দ্ৰ প্ৰসাদ দাস, অজিত মজুমদাৰ, যতীন্দ্ৰ মেধি, অমূল্য চন্দ্ৰ পাল, ভবেন দাস, অৰূপ কুমাৰ দাস, অমূল্য কুমাৰ, বিৰাজ কুমাৰ দাস, বাবুল দাস, ভবেন কলিতা, লৱণ কুমাৰ, তপন কুমাৰ, অখিল কুমাৰ, সীমান্ত চৌধুৰী আদি বহু গণ্য মান্য ব্যক্তি তথা ইতিহাস থিয়েটাৰৰ সমূহ কলা-কুশলী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8160af11-b434-4b68-9463-c9650c53b4e2/2a752eac_139e_4331_8fc0_5413fcd2f69f.jpg)
নাট্যদলটোৰ চলিত বৰ্ষৰ আকৰ্ষণীয় নাট্যসম্ভাৰৰ ভিতৰত আছে জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য দেৱৰ 'কেপ্টেইন অবিনাশ' আৰু 'মুখা পিন্ধা দৰা' । লগতে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই ইতিহাসৰ বাবে ৰচনা কৰিছে 'খলনায়কৰ খং' নামেৰে এখনি ব্যতিক্ৰমী নাট। অভিনয়ত জনপ্ৰিয় নায়ক তথা এক্সন হিৰো প্রসেনজিত বৰা, নির্মালী এছ বৰা, ভায়লিনা বৰুৱা, অৰ্চনা বৰা, পদ্ম বৰা, নাজিমূল ইছলাম, চম্পক মেধি, জীৱন হাটীকাকতি, চন্দন বৰা, মানস শইকীয়া আদিৰ লগতে থাকিব মঞ্চ জগতৰ এদল অপ্ৰতিৰোধ্য নাট্যসৈনিক । এইবেলি নাট্যদলটোৰ অন্যতম মেৰুদণ্ড তথা সম্পাদকৰ দায়িত্বত আছে ৰঞ্জিত দত্ত।
Also Read: অহা নাই আলহী, নিকিনো বিলাহী