বঢ়মপুৰৰ সৰবৰহী যুৱক দেৱজিৎ হাজৰিকাৰ মৃত্যু..

বঢ়মপুৰৰ সৰবৰহী যুৱক দেৱজিৎ হাজৰিকাৰ মৃত্যু..

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ তিনিআলি নিবাসী সৰবৰহী যুৱক দেৱজিৎ হাজৰিকাৰ (৩৮) সোমবাৰে নিশা প্ৰায় ৮ বজাত গুৱাহাটীৰ এক ব্যক্তিগত চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যু হয়। বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা।

অমায়িক আৰু নম্ৰ স্বভাৱৰ যুৱকজন বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে বঢ়মপুৰৰ নিৰ্মীয়মান অৱস্থাত থকা ঠগী-সুত ক্ৰীড়া প্ৰকল্পৰ এজন কাৰ্যকৰী সদস্য আছিল। মৃত্যুৰ সময়ত তেওঁ এজন ককায়েক, দুগৰাকী বায়েকসহ পৰিয়ালৰ আত্মীয়-স্বজন, বন্ধুবৰ্গক ইহসংসাৰত এৰি থৈ যায়। দেৱজিৎ হাজৰিকাৰ মৃত্যুত বৃহত্তৰ বঢ়মপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

বঢ়মপুৰৰ সৰবৰহী যুৱক দেৱজিৎ হাজৰিকাৰ মৃত্যু..
উদ্ধাৰ হ'ল নেপালৰ আকাশত সন্ধানহীন হেলিকপ্টাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in