/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/94d56283-a3d7-448b-b280-4342a1c331f2/Pratiki.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক : উদ্ধাৰ হ'ল নেপালৰ আকাশমাৰ্গত সন্ধানহীন হোৱা যাত্ৰীবাহী হেলিকপ্টাৰ। মঙলবাৰে পুৱা ১০ বজাত কাঠমাণ্ডুৰ পৰা ছুলুখুম্ভুলৈ উৰা মাৰিছিল এখন হেলিকপ্টাৰে। উৰণৰ ১২ মিনিটৰ পাছতেই সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত হেলিকপ্টাৰখন সন্ধানহীন হোৱাৰ কথা অৱগত কৰিছিল বিভাগীয় কৰ্তৃপক্ষই।
ইয়াৰ পাছতেই সন্ধানহীন হেলিকপ্টাৰখনৰ উদ্ধাৰ অভিযানত নামি পৰিছিল নেপালৰ বায়ুসেনা। আৰু প্ৰায় আঢ়ৈ ঘণ্টাজোৰা অভিযানৰ পাছত অৱশেষত উদ্ধাৰ কৰা হয় হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ। উল্লেখ্য হেলিকপ্টাৰখনত আছিল ৬ জনকৈ যাত্ৰী। আনহাতে ৬ জন যাত্ৰীৰ ৫ জনেই আছিল বিদেশী নাগৰিক। আৰু ইতিমধ্যেই উদ্ধাৰ কৰা হৈছে ৫ বিদেশী পৰ্যটকৰ মৃতদেহ।
Also Read: মিছকীয়েও ল'ব কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্ব...