বঢ়মপুৰ সমষ্টিত সৰ্বত্ৰে উন্নয়ন আঁচনিত দুৰ্নীতি ! কমিচন সংগ্ৰহত ব্যস্ত জনপ্ৰতিনিধি...

বঢ়মপুৰ সমষ্টিত সৰ্বত্ৰে উন্নয়ন আঁচনিত দুৰ্নীতি ! কমিচন সংগ্ৰহত ব্যস্ত জনপ্ৰতিনিধি...

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰ সমষ্টিত সৰ্বত্ৰে উন্নয়ন আঁচনিত দুৰ্নীতি ! কমিচন সংগ্ৰহত ব্যস্ত জনপ্ৰতিনিধি...

বঢ়মপুৰ সমষ্টিত সৰ্বত্ৰে উন্নয়ন আঁচনিত দুৰ্নীতি ! কমিচন সংগ্ৰহত ব্যস্ত জনপ্ৰতিনিধি...

ডিজিটডেল ডেস্কঃ বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ নামত সৰ্বত্ৰে চলিছে দুৰ্নীতি আৰু কমিছনৰ বেহা। যাৰ ফলতে সমগ্ৰ সমষ্টিটোৰ বহু গুৰুত্বপূৰ্ণ বাট-পথৰ উন্নয়নৰ আঁচনি ৰূপায়ণৰ ৬ মাহ নহৌওতেই জহি-খহি গৈছে।

Advertisment

আনহে নালাগে পাৰহৈ যোৱা কপিলীৰ প্ৰলয়ংনকাৰী বানৰ কৱলত বিধ্বস্তপ্ৰায় অৱস্থাত পৰা বৃহত্তৰ কামপুৰ চক্ৰ এলেকাৰ বানে চিঙা গুৰুত্বপূৰ্ণ বাট-পথ, দলং আদিৰ নিৰ্মাণ কাৰ্যও আজিকোপতি সম্পূৰ্ণ হৈ উঠা নাই। এই সন্দৰ্ভত ৰাইজৰ দলকে ধৰি কামপুৰৰ অন্যান্য গণতান্ত্ৰিক সংগঠনসমূহে গড়কাপ্তানী আৰু জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়কগৰাকীৰ সৈতে যোগাযোগ কৰিও সদোত্তৰ লাভ কৰা নাই।

এই সন্দৰ্ভত ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপ-সভাপতি ভাস্কৰ বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, সমষ্টিটোৰ স্বয়ং বিধায়কগৰাকী যদি নিজেই ঠিকাদাৰ বা কমিছন সংগ্ৰহকাৰী হয় তেনেহ'লে সমষ্টিবাসীয়ে উন্নয়নৰ মুখ কিদৰে দেখিব?

তেওঁ কয় যে, কামপুৰৰ পৰা নগাওঁ সংযোগী সকলোবোৰ পথৰ অৱস্থাই বৰ্তমান বিধ্বস্ত। যিবোৰৰ নিৰ্মাণ কাৰ্য চলিছে সেইবোৰো অসম্পূৰ্ণ। কোন আঁচনিত কিমান ধন আহিছে, কোনেও নাজানে। এই সন্দৰ্ভত গড়কাপ্তানী বিভাগত আৰ টি আইৰ অধীনত আৱেদন কৰিও কোনো তথ্য লাভ কৰা নাই বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, কপিলীৰ বানে কঠিয়াতলি-কামপুৰ হৈ পশ্চিম কাৰ্বি আংলং সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথটোৰ তেতেলীসৰাৰ সমীপত থকা প্ৰায় ২০ ফুট দৈৰ্ঘ্যৰ পকী পুল এটা মে' মাহতে চিঙি নিছিল। এই পুলটোৰ বান শেষ হোৱাৰ লগে লগে তাৎক্ষণিক ভাৱে নিৰ্মাণ হ'ব লাগিছিল যদিও পুনৰ বাৰিষা অহাৰ সময়হোৱাৰ পৰতো ইয়াৰ নিৰ্মাণ হোৱা নাই।

ৰাইজৰ অভিযোগ মতে এই পকী পুলটো নিৰ্মাণৰ বাবে বহু দিন পূৰ্বেই পুঁজি মুকলাই দিয়া হৈছিল যদিও ইয়াৰ ৰূপায়ণৰ নামত বিধায়কগৰাকীৰ এজেণ্টৰূপী ঠিকাদাৰে ভঙা পুলটোৰ ওপৰত বাঁহৰ সাকো দি খোজ কঢ়া মানুহ অহা-যোৱা কৰাৰ সুবিধা কৰি দিয়াৰ বিপৰীতে যান-বাহন সমূহ পথাৰেৰে অহা-যোৱা কৰিবলৈ এক উপ-পথ নিৰ্মাণ কৰি দিয়ে।

মাটিৰ এই উপ-পথটো এজাক বৰষুণতেই যে বন্ধ হৈ পৰিব সেয়াও নিশ্চিত। অতিকৈ গুৰুত্বপূৰ্ণ এটা পথৰ সৰু পুল এটাৰ নিৰ্মাণৰ ক্ষেত্ৰতেই যদি এনে অৱস্থা হয় তেনেহ'লে আন আন অঞ্চলত কি চলিছে সেয়া সহজেই অনুমেয়। এনে পৰিপ্ৰেক্ষিততে ৰাইজে সাংসদ পুঁজি লুণ্ঠনৰ বিৰুদ্ধে ভিজিলেন্স তদন্ত দিয়াৰ সমান্তৰালভাৱে কামপুৰ অঞ্চলৰ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰতো এনে তদন্তৰ দাবী জনাইছে।

Also Read: ৯ মাহত ১২০৩ নাবালিকাই সন্তান জন্ম দিয়ে মানকাচৰত...

কামপুৰ দুৰ্নীতি বঢ়মপুৰ