জলবন্দী বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ঃ শংকিত ছাত্ৰ-ছাত্ৰী

জলবন্দী বঢ়মপুৰৰ  শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ঃ শংকিত ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, বঢ়মপুৰঃ বঢ়মপুৰত অপৰিষ্কাৰ পানীৰ মাজত আৱদ্ধ হৈ পৰিছে শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অন্ধ বিদ্যালয়খনত অধ্যয়নৰত আৱাসিক ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সম্প্ৰতি শংকিত হৈ পৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষও ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দীৰ্ঘ দিনৰে পৰা জমা হৈ আছে উক্ত পানী।

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাপানীজ এনকেফ্লাইটিছ আৰু ডেংগ'ৰ দৰে ভয়াৱহ ৰোগৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে চৌপাশৰ পৰিৱেশ স্বচ্ছ কৰি ৰাখিবৰ বাবে আহ্বান জনাই আহিছে । সমান্তৰালভাৱে মহৰ বংশ বিস্তাৰত বাধা দিয়াৰ বাবে ঘৰৰ চৌহদত পানী জমা কৰি নাৰাখিবৰ বাবে স্বাস্থ্য বিভাগে জনসাধাৰণক সকীয়াই আহিছে।

তেনে সময়তে বঢ়মপুৰস্থিত অন্ধ বিদ্যালয়খনৰ পথৰ লগতে বিদ্যালয় চৌহদত দীৰ্ঘদিন ধৰি জমা হৈ থকা অপৰিষ্কাৰ পানীয়ে শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দূষিত কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি। অভিযোগ অনুসৰি, মূলপথৰ কাষৰ কংক্ৰিটৰ নলা নিৰ্মাণ কৰোঁতে পানী যোৱাৰ পথ বন্ধ কৰি দিয়াৰ বাবেই বিদ্যালয়খনত এনে অভাৱনীয় সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে এতিয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ লগতে শ্ৰীমন্ত শংকৰ মিশ্যন কৰ্তৃপক্ষক অতি শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে৷

জলবন্দী বঢ়মপুৰৰ  শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ঃ শংকিত ছাত্ৰ-ছাত্ৰী
হাটশিঙিমাৰীত আটক ২ তীৰ জুৱাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in