'বিকাশ'ৰ উদ্যোগত বৰগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

'বিকাশ'ৰ উদ্যোগত বৰগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত যোৱা ২১ অক্টোবৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বৰগীতৰ কৰ্মশালাৰ সোমবাৰে সফল সামৰণি পৰে। শাৰদীয় পূজাৰ বন্ধৰ সময়চোৱাত অঞ্চলটোৰ বিদ্যাৰ্থী সকলে মহাপুৰুষ দুজনাৰ অনবদ্য অৱদান বৰগীতৰ চৰ্চাৰ মাধ্যমেৰে সাংস্কৃতিক বিকাশৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালা খনিত প্ৰশিক্ষণ প্ৰদান কৰে নিৰ্মালী দেৱী বৰাই।

ৰাইডঙীয়া পাঁচ আলিৰ সৌৰভ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এই বৰগীতৰ কৰ্মশালাত সামৰণি অনুষ্ঠানৰ আঁত ধৰে 'বিকাশ'ৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈয়ে। অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অমিয়া মহন্তই মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত এই ভক্তি গীত তথা বৰগীত সমূহ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অসমত প্ৰচলিত এটা স্বকীয় ধাৰা। ভাৰতৰ আন শাস্ত্ৰীয় সংগীতৰ দৰেই এই গীতসমূহ ৰাগ ভিত্তিক শ্ৰেষ্ঠ সংগীত বুলি মন্তব্য কৰে।

বিকাশৰ সভাপতি জীতেন বৰা, প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি নৱ কমল ৰাজা, মুনীন্দ্ৰ বৰুৱা, ৰেনেচা জুনিয়ৰ কলেজৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া, শিল্পী মুনীন্দ্ৰ ভূঞা, জগত দাস, দীপজ্যেতি শইকীয়া, কনক ৰায় চৌধাৰী, শান্তনু বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী সকলে "ৰাম গোসাঁই" শীৰ্ষক বৰগীত পৰিৱেশন কৰাৰ লগতে দিক্ষিত বৰদলৈয়ে বাঁহী বাদন কৰে। প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পাছত কন্ঠশিল্পী তথা বিকাশৰ সংগীত সম্পাদিকা দিপান্বিতা গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়াই।

'বিকাশ'ৰ উদ্যোগত বৰগীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান
'কল্প-লোক'ত ভিৰ কৰিছে বীৰেন্দ্ৰ নাথ দত্তৰ অজস্ৰ গুণমুগ্ধই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in