ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নগাঁও জিলাত নিষেধাজ্ঞা জাৰি

ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নগাঁও জিলাত নিষেধাজ্ঞা জাৰি

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাত অহা ২৬ এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ আয়ুক্তই জাৰি কৰিছে বিশেষ নিৰ্দেশনা। জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে মঙলবাৰে জাৰি কৰা এক আদেশৰ জৰিয়তে জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী দণ্ডাবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

সেই অনুসাৰে ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোকৰ সমাৱেশ,শোভাযাত্ৰা,শ্লোগান ইত্যাদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তদুপৰি শোভাযাত্ৰা, ৰাজহুৱা সভা, মাৰণাস্ত্ৰ তথা বিস্ফোৰক সামগ্ৰী লৈ যাত্ৰা,প্ৰতিকৃতি দাহ ইত্যাদি কাৰ্যটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

সক্রিয় ৰাজনৈতিক বক্তৃতা ,ৰাজনৈতিক শ্লোগান ,ৰাজনৈতিক বেনাৰ , পোষ্টাৰ তথা ৰাজনৈতিক সভা ইত্যাদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তদুপৰি ভোটদান প্ৰক্ৰিয়াৰ বাবে ধাৰ্য কৰা অন্তিম সময়ৰ ৪৮ ঘণ্টাৰ ভিতৰত কোনোধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ ইত্যাদি কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আদেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যবস্থা লোৱা হব বুলিও আদেশটোত উল্লেখ কৰা হৈছে।

ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নগাঁও জিলাত নিষেধাজ্ঞা জাৰি
কাকপথাৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু : গুৰুতৰভাৱে আহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in