/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0f608742-e8cc-487c-8ce8-c770cec475a0/6.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাওঁ জিলাৰ ইতিহাস প্ৰসিদ্ধ কন্দলী পাহাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক বাদুলী খোৰোং মেলা আৰম্ভ হৈছে। কন্দলীৰ শিলাময় পাহাৰৰ বুকুত লুকাই থকা এই কৌতুহল তথা বিস্ময়কৰ বাদুলী খোৰোং মেলা চাবলৈ দেওবাৰে প্ৰথম দিনাই জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ সমাগম ঘটে।
নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই বাদুলী খোৰোং মেলা উৎসৱৰ আজি পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ শুভাৰম্ভ হয়। মেলাত দৰ্শনাৰ্থীসকলে বাদুলী খোৰোঙত প্ৰৱেশ কৰি নানা ধৰণৰ বাদুলী পৰ্যবেক্ষণ কৰাৰ উপৰিও ভক্তগণে বাদুলীথানত ধূপ-ধুনা,বন্তি প্ৰজ্বলনেৰে মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।
Also Read: লামডিঙত এছ বি আই গ্ৰাহকৰ হাহাকাৰ