/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
AGRANI KHABAR
ডিডিটেল সংবাদ, লামডিংঃ পুনৰ ৰাজ্যত আন এক ঠগ প্ৰবঞ্চকৰ ঘটনা পোহৰ লৈ আহিছে । এই বাৰ ঘটনাৰ স্থান লামডিং। প্ৰবঞ্চকৰ নামত এইবাৰ এছ বি আই চি এছ পি (CSP) কৰ্মী । লামডিং এছ বি আই বেংকৰ চৰম গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে ।
লামডিং এছ বি আই বেংকৰ অধীনত থকা চি এছ পি চেন্টাৰৰ কৰ্মীয়ে হৰলুকি কৰিলে গ্ৰাহকৰ লাখ লাখ টকা । লামডিং ষ্টেট বেংকৰ CSP চেন্টাৰ ভয়ংকৰ জালিয়তিৰ ঘটনা । লামডিং বজাৰতস্থিত এছ বি আইৰ চি এছ পি চেন্টাৰ খুলি ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বতাধিকাৰী দেৱাশিষ ভট্টাচাৰ্যৰ বিৰুদ্ধে।
বৰ্তমান লামডিং আৰক্ষী থানাত নিজৰ জমা ধন হেৰুৱাই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে গ্ৰাহকৰ মাজত। গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বতাধিকাৰী পলাতক দেৱাশিস ভট্টাচাৰ্যৰ বিৰুদ্ধে লামডিং থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগী গ্ৰাহকসকলে। উল্লেখ যে লামডিং বজাৰত স্থিত এই বেঙ্কৰ CSP চেন্টাৰ খনত ৰাইজৰ চৰকাৰী আঁচনী লাভ কৰা লামডিং গ্ৰাম্যঞ্চলৰ বহু দুখীয়া ৰাইজে একাউণ্ট খুলি হাজাৰ হাজাৰ ধন জমা ৰাখিছিল ।
ইয়াৰোপৰি বহু শতাধিক গ্ৰাহকে নিজৰ মাহিলী ধনো জমা ৰাখিছিল চেন্টাৰটোত । কিন্তু বৰ্তমান চেন্টাৰটো কোনো জাননী নিদিয়া কৈ বন্ধ কৰি উধাও হয় চেন্টাৰটোৰ প্ৰবঞ্চক দেবাশিস ভট্টাচাৰ্য । আনফালে পূৰ্বেও অভিযুক্ত দেৱাশিস বিৰুদ্ধে বহু অভিযোগ তুলিছিল ৰাইজে । জবকাৰ্ডৰ ধন আত্মসাৎ কৰাৰো অভিযোগ আছিল যদিও বেংক কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
Also Read: জামুগুৰিহাটৰ খনামুখত ভাগৱত জ্ঞান মহাযজ্ঞ