/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/df867f7e-5392-4f93-955b-db5ebc7ee70c/Hatichung_Naak.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ বটদ্ৰৱা সমষ্টিৰ অগ্ৰণী শিক্ষানুষ্ঠান হাটিচোং মহাবিদ্যালয়ে শুকুৰবাৰে ঘোষণা কৰা মূল্যায়নত নাকৰ 'বি(++)' গ্ৰেড পাবলৈ সক্ষম হৈছে ৷ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত হাটিচোং অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এই মহাবিদ্যালয়খনত চলিত বৰ্ষৰ ৪ আৰু ৫ মে'ত হোৱা মূল্যায়নৰ ফলাফল শুকুৰবাৰে নাকৰ ৱেবছাইটত উপলব্ধ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c77521ab-3c61-45ea-83e5-a2aa5dc3da8e/WhatsApp_Image_2023_05_19_at_9_24_30_PM.jpeg)
মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১৯৮৮ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে হোৱা মূল্যায়ন সফলতাৰে সম্পূৰ্ণ হয়। হাটিচোং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে মহাবিদ্যালয়খনে বি (প্লাচ প্লাচ) গ্ৰেড পোৱাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰি মহাবিদ্যালয়খনক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সহায়ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
ইফালে এই ফলাফল লাভ কৰি মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ আনন্দ কৰাৰ পৰিলক্ষিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আশা কৰা ধৰণে ফলাফল পোৱা বুলি মত প্ৰকাশ কৰে আৰু সকলো সহযোগীক ধন্যবাদ জ্ঞাপন কৰে।
Also Read: মুখ্যমন্ত্ৰীৰ উপস্থিতিত নদী পর্যটন চার্কিট উন্নয়নৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ...