মুখ্যমন্ত্ৰীৰ উপস্থিতিত নদী পর্যটন চার্কিট উন্নয়নৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ...

এই পর্যটন চার্কিটে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা ৭ খন ধর্মীয় স্থান সামৰি ল'ব। "প্ৰকল্পটোৱে গুৱাহাটী মহানগীৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিকশাই তোলাত সহায় কৰিব"-মুখ্যমন্ত্ৰী...
মুখ্যমন্ত্ৰীৰ উপস্থিতিত নদী পর্যটন চার্কিট উন্নয়নৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ...

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুকুৰবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদানেৰে অসম পর্যটন বিভাগৰ অধীনত থকা অসম পর্যটন উন্নয়ন নিগম লিমিটেডে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয় আৰু সাগৰমালা উন্নয়ন কোম্পানী লিমিটেডৰ সৈতে এক বিশেষ উদ্দেশ্য বাহনৰ পৰিকাঠামোৰ অন্তৰ্গত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত নদীৰ ধৰ্মীয় পৰ্যটন চার্কিট প্ৰকল্পৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

প্ৰায় ৪০ কোটি টকা প্ৰাৰম্ভিক প্রকল্প ব্যয়ৰে নদী ধৰ্মীয় পৰ্যটন চাৰ্কিটৰ জৰিয়তে ৰাজ্যৰ ৭ খন ধর্মীয় স্থান কামাখ্যা মন্দিৰ, পাণ্ডুঘাট মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ আৰু আউনিআটি সত্ৰক সংযোগ কৰিব। এই প্ৰকল্পটোৰ অধীনত জাহাজ ক্ৰয় কৰি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ বিদ্যমান জেটিসমূহ যাত্ৰীয়ে ব্যৱহাৰ কৰাৰ বাবে আৰু কামাখ্যা মন্দিৰত এখন জেটি তথা ফুনিকুলাৰ ৰে'লৱে ট্রলী প্রণালী নিৰ্মাণৰ ব্যৱস্থা লোৱা হ'ব। এই প্ৰকল্পত সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মুঠ ৫৫ শতাংশ অংশীদাৰ থাকিব। আনহাতে অসম পর্যটন উন্নয়ন নিগমৰ ৪৫ শতাংশ অংশীদাৰীত্ব থাকিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই নদী কেন্দ্রীক ধর্মীয় পৰ্যটন প্রকল্পই ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনীয়তা থকা দিশসমূহ বিকশাই তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। গুৱাহাটীলৈ অহা পর্যটকসকলে সাধৰণতে ভ্ৰমণ কৰি থকা স্থানসমূহৰ লগতে দৰ্শনাৰ্থীসকলে তেওঁলোকৰ ভ্ৰমণসূচীত ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ৭ খন ধর্মীয় ক্ষেত্ৰ সামৰি লোৱাৰ দিশতো সহায় কৰিব বুলি মত প্ৰকাশ কৰে।

নদী পর্যটনে এক অনন্য অভিজ্ঞতা প্ৰদান কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে, নদীৰ এই পৰ্যটন চার্কিট প্রকল্পই গুৱাহাটী মহানগৰীক দেশৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে পৰিগণিত কৰাৰ দিশটোত সহায় কৰিব ।

মুখ্যমন্ত্রীয়ে কয় যে, পর্যটন খণ্ডই কৰ্মসংস্থাপন আৰু স্বনিয়োগৰ সুযোগ প্ৰদান কৰে। তেওঁ কয় যে, ৰাজ্যৰ পৰ্যটন খণ্ডটো অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ ফলত উত্তৰ পূবৰ আভ্যন্তৰীণ জলপথ পৰিবহণে পূৰ্বতে প্রত্যক্ষ নকৰা পৰিৱৰ্তন সাধন কৰিছে।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, ম্যানমাৰৰ ছিটৱে বন্দৰ প্ৰকল্পই ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচি অধিক বাস্তবায়িত কৰাৰ দিশত নির্ণায়াত্মক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আদি দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পর্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, আই ডাব্লিউ এ আইৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায় উপস্থিত থাকে।

মুখ্যমন্ত্ৰীৰ উপস্থিতিত নদী পর্যটন চার্কিট উন্নয়নৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ...
জখলাবন্ধা আৰক্ষী থানাত জোনমণি ৰাভাৰ মাতৃৰ এজাহাৰ দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in