ৰাষ্টীয় ডেংগু দিৱস উপলক্ষে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কাৰ্যসূচী

ৰাষ্টীয় ডেংগু দিৱস উপলক্ষে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কাৰ্যসূচী
ৰাষ্টীয় ডেংগু দিৱস উপলক্ষে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কাৰ্যসূচী

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপৰ দ্বাৰা ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে 'ৰাষ্ট্ৰীয় ডেংগু দিৱস' পালন কৰা হয়। নগাঁও জিলাৰ বটদ্ৰৱাটো আজি বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হৈছে।

ৰাষ্টীয় ডেংগু দিৱস উপলক্ষে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আজি ৰাজবাৰী শলগুৰি হাইস্কুলত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৰাজবাৰী শলগুৰি হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী নাচিমা চুলতানাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে স্বাস্থ্য কৰ্মী প্ৰসন্ন শইকীয়াই।

সভাত প্ৰসন্ন শইকীয়াই কয়- "ভাৰতত আন দেশতকৈ ডেংগুৰ হাৰ বেছি। নগৰায়ন, ভ্ৰমণ, বাণিজ্য, জলবায়ু পৰিৱৰ্তন, ভাইৰাছৰ বিৱৰ্তন আদি বিভিন্ন কাৰকৰ বাবে এই ৰোগ বৃদ্ধি পাইছে। ফলপ্ৰসূ ভেকচিন আৰু ঔষধৰ চিকিৎসাৰ ব্যৱস্থাৰ দ্বাৰা ডেংগু ৰোধ কৰিব পৰা যায়।" তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু উপস্থিত ৰাইজক সুন্দৰকৈ ডেংগু ৰোগৰ ওপৰত বিশ্লেষণ আগবঢ়ায়।

স্বাস্থ্য কৰ্মী দেৱ দুলাল দাসেও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিতৰ শেষত সকলো ছাত্ৰী ছাত্রীকে একোখন কৈ, ডেংগুৰ ৰোগ কি? আৰু ৰোগৰ লক্ষনৰ লগতে এই ৰোগৰ সাৱধানতাৰ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। ইফালে নগাঁও জিলা মেলেৰিয়া বিভাগৰ সৌজন্যত, ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ উদ্যোগত ধনীয়াভেটি গাঁও, তিনি নং বিলতিয়া গাঁৱত স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে মহৰ উৎস বিচাৰি এক কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাষ্টীয় ডেংগু দিৱস উপলক্ষে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কাৰ্যসূচী
ছামেলাংছ'ত নৱজ্যোতি সংঘৰ ৰঙালী বিহু উৎসৱৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in