/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ea061a13-ad73-4267-80ec-0ad9ad47d71a/bihu_16.jpg)
ছামেলাংছ'ত নৱজ্যোতি সংঘৰ ৰঙালী বিহু উৎসৱৰ সফল সামৰণি...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ছামেলাংছ'ৰ দাস গাওঁ নামঘৰৰ প্ৰাংগণত ছামেলাংছ' নৱজ্যোতি সংঘৰ সৌজন্যত মংগলবাৰ আৰু বুধবাৰে দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপনৰ সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনাৰ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, খেল-ধেমালি প্ৰতিযোগিতা, জেং বিহু, একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fd147d16-4774-45b4-b170-2d4d3af076c6/5ddd180b-4dd6-4253-a268-8a7f06863a94.jpg)
আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান সমাপ্ত কৰি নিশা ৮ মান বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়। উক্ত সাংস্কৃতিক সন্ধিয়াৰ সংগীতৰ অনুষ্ঠানত আমন্ত্ৰিত শিল্পী ক্ৰমে নিকিতা লস্কৰ, সুনিত সান্দিল্য আৰু সাংবাদিক নেত্ৰ কমল শৰ্মাই গীত পৰিৱেশন কৰি ছামেলাংছ'বাসী ৰাইজক আপ্লুত কৰি হৃদয় জয় কৰিবলৈ সক্ষম হয় ।
আনহাতে উক্ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰঙালী বিহু উৎসৱটি সফলভাৱে পৰিচালনা কৰে পৰিচালনা সমিতিৰ সভাপতি দিপেশ্বৰ বৰদলৈ, সাধাৰণ সম্পাদক অনন্ত দাস, আদৰণি সমিতিৰ সভাপতি মাণিক বণিয়া আৰু সম্পাদক হেমন্ত নাথে ।
Also Read: ভাৰত-ম্যানমাৰ সীমান্তত PLA ৰ প্ৰতিশোধমূলক আক্ৰমণত KNFBৰ কেডাৰ নিহত: কেইবাজনো আহতৰ খবৰ..