/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/1bkzc84q/bebjia-24.jpg)
তুলসীমুখত পোষণ মাহৰ সজাগতা অনুষ্ঠান সম্পন্ন...
ডিজিটেল সংবাদ বেবেজীয়া: এজাক শিশুৰ কাকলিৰে মুখৰ হ'ল নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী বুঢ়াগোহাঁই থান প্ৰাঙ্গন। ইতিহাস প্ৰসিদ্ধ বুঢ়াগোহাঁই থান চৌহদত পোষণ মাহৰ লগত সংগতি ৰাখি সমাজ কল্যাণ বিভাগৰ পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি তুলসীমুখ চাৰ্কোলৰ সহযোগত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।
'পোষণ ভী গঢ়াই ভী ' শীৰ্ষক এই সজাগতা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে স্থানীয় পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে। তুলসীমুখ চাৰ্কোলৰ মুখ্য সেৱিকা উপমা বৰুৱাই আতধৰা অনুষ্ঠানত পোষণ মেলা অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/m79zl3u3/dba5fa2a-b579-42b9-be93-9747c5fca73a.jpg)
শিশুৰ শাৰীৰিক, মানসিক,বৌদ্ধিক বিকাশ অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে কৰা প্ৰয়াস চিত্ৰায়িত কৰা হয়। তুলসীমুখ চাৰ্কোলৰ ৪১ টা অংগনবাড়ী কেন্দ্ৰৰ শিশুৱে অংশগ্ৰহণ কৰা এই বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শিশুৱে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।
এজাক শিশুৰ কলৰৱত মুখৰিত হৈ পৰে অনুষ্ঠানটো। অনুষ্ঠানত ঘৰুৱা পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা পুতলা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয়,তৃতীয় স্থান লাভ কৰে ক্ৰমে মনালিছা দাস, বিনুপ্ৰভা ডেকা আৰু কৰবী দাসক পুৰস্কৃত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/13j4udvy/ee403fef-0dbb-422c-8fec-a5328289e6bb.jpg)
অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো শিশুক ৰং পেঞ্চিলৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত স্থানীয় পঞ্চায়তৰ বিদায়ী সভাপতিসহ বিশিষ্ট ব্যক্তিসকলক গছপুলি আৰু কলমেৰে আদৰণি জনোৱা হয়।
অনুষ্ঠানত পাখিমৰীয়া প্ৰকল্পৰ বিষয়া ভক্তিৰেখা ৰয়ৰ লগতে ৰূবী বৰা, মৌচুমী গায়ণ, দীপা হাজৰিকা, ৰয়েল পাৰবিজা, ডেইজী বৰুৱা, তুলসীমুখ পঞ্চায়তৰ সকলো কৰ্মী, অভিভাৱক, অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি,সদস্যসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-24/9qojdf00/a77d2af2-996a-4930-ae65-702a7ef9aa3f.jpg)
Also Read: বৰহোলাত ৩৩ হাজাৰ কে ভি লাইন ব্যাহতঃ দুদিন ধৰি অন্ধকাৰ ৪০ খন গাঁও...