ধিং মহাবিদ্যালয়ত "দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা" শীৰ্ষক বক্তৃতা অনুষ্ঠান

ধিং মহাবিদ্যালয়ত "দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা" শীৰ্ষক বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
ধিং মহাবিদ্যালয়ত "দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা" শীৰ্ষক বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত শনিবাৰে "দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা" শীৰ্ষক এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰনি ভাষন প্ৰদান কৰি ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই "এনে ধৰণৰ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট বিজ্ঞানী তথা বিশেষজ্ঞ সকলৰ বক্তৃতাৰ পৰা জ্ঞান প্ৰাপ্ত হৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অঞ্চলৰ সম্ভাৱ্য বিপদৰ বিষয়ে নিজকে আৰু আনক জ্ঞান দিব পাৰে, আৰু এই জ্ঞান তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সম্প্ৰদায়ৰ সৈতে ভাগ-বতৰা কৰিব পাৰে। ইয়াৰ দ্বাৰা দুৰ্যোগ সংঘটিত হোৱাত বাধা বা ইয়াৰ প্ৰভাৱ কমোৱাত সহায়ক হ’ব পাৰে" বুলি মন্তব্য কৰে।

Advertisment

ধিং মহাবিদ্যালয় উপাধ্যক্ষ আব্দুল কাদিৰে আঁত ধৰা বক্তৃতা কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভূতত্ব বিজ্ঞানী ড০ মানিক কৰে কয় যে, যি কোনো দূৰ্যোগৰ মূল কাৰন হৈছে উষ্ণতা। ভূমিকম্প, বানপানী, ধুমুহা আদি দূৰ্যোগ হৈয়েই থাকিব, ই প্ৰকৃতিৰ নিয়ম। কিন্ত কেনেকৈ এই দূৰ্যোগৰ ক্ষয় ক্ষতি কমাব পাৰি, তাৰ চৰ্চা তথা অনুশীলন যঠেষ্ট প্ৰয়োজনীয়।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ পুলিন চন্দ্ৰ বৰায়ে নিজ ভাষন প্ৰসংগত কয় যে, ছাত্ৰ-ছাত্ৰীসকলৰ সজাগতা বৃদ্ধি, জৰুৰীকালীন পৰিকল্পনা প্ৰস্তুতি আৰু গৱেষণাত অৰিহণা যোগাবলৈ দুৰ্যোগ ব্যৱস্থাপনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

Also Read: সুদীৰ্ঘ ৫মাহৰ পিছত মণিপুৰী শৰণাৰ্থীৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন

ধিং মহাবিদ্যালয়