নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত সন্মিলনীৰ সজাগতা সভা

"সাম্প্ৰতিক সময়ত সঁচা কথা ক'লে মানুহ বেয়া হয়। সঁচা কথা কৈ বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আদি বহু লোক অপ্ৰিয় হ'ব লগা হৈছিল" : গণশিল্পী সূৰ্য দাস

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত সন্মিলনীৰ সজাগতা সভা

ডিজিটেল সংবাদ,বেবেজীয়া : "সাম্প্ৰতিক সময়ত সঁচা কথা ক'লে মানুহ বেয়া হয়। সঁচা কথা কৈ বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকা আদি বহু লোক অপ্ৰিয় হ'ব লগা হৈছিল।" এই মন্তব্য গণশিল্পী সূৰ্য দাসৰ।

শনিবাৰে নগাঁও জিলাৰ বেবেজীয়া সমীপৰ ঘাঁহী সমূহীয়া ভৱনত ১৯০৫ চনতে প্ৰতিষ্ঠা হোৱা কৈৱৰ্ত সন্মিলনী,অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰে গণশিল্পী সূৰ্য দাসে। তেওঁ কয়- সাম্প্ৰতিক সময়ত আমাৰ সমাজখন দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰিছে। দুৰ্নীতিগ্ৰস্ত ভণ্ড মানুহ থকা জুই কুৰাত আমি নাথাকো।

প্ৰসংগক্ৰমে তেওঁ কৈৱৰ্ত সংগঠনৰ একাংশ নেতাই নিজ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শিল্পীগৰাকীয়ে অসমীয়া জাতি উৎসৱমুখী জাতি উল্লেখ কৰে। লগতে তেওঁ কয়- আমি বছৰটোৰ সৰহ সময় উৎসৱ পাৰ্বনতে ব্যস্ত থাকো। অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ কাম কৰিব লাগিব।

সভাত ভাষণ প্ৰদান কৰি সন্মিলনীৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল দাসে কৈৱৰ্ত সমাজৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি কৈৱৰ্তসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰে। সভাত কেন্দ্ৰীয় সন্মিলনীৰ সভাপতি ডম্বৰুধৰ দাসৰ লগতে গৌতম শইকীয়া,ডা০ লক্ষীধৰ দাস,ৰণ্টু মুদৈ,বিনোদ দাস,ৰাহুল বৰদলৈ আদিয়ে ভাষণ প্ৰদান কৰে।

উক্ত সভাতে স্থানীয় সচেতন ব্যক্তি ৰেৱ দাস,ক্ষিতীশ দাস,পুস্প দাস আদিয়ে নিজৰ মনোভাৱ ব্যক্ত কৰে। বিয়লি সন্মিলনীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

সভাই সন্মিলনীৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি এপ্ৰিল মাহত বেবেজীয়াত এখন ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

bebejiya