কামপুৰৰ কাকতি গাঁৱত আমছুৰ সজাগতা সভা

কামপুৰৰ কাকতি গাঁৱত আমছুৰ সজাগতা সভা

ডিজিটেল সংবাদ,কামপুৰ : "২০২৫ চনৰ ভিতৰত অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰিব আমচুৱে।"এই মন্তুব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ।

বৃহস্পতিবাৰে কামপুৰত আমছুৰ উদ্যোগত অনুষ্ঠিত এখন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভাত অংশ লয় ৰেজাউল কৰিম চৰকাৰে। উল্লেখ্য যে নৱগঠিত কামপুৰৰ কাকতিগাঁও আঞ্চলিক আমছুৰ শপতগ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাজত চলি থকা অসামাজিক তথা সমাজবিৰুধী ড্ৰাগছ,মাদক দ্ৰব্য,জুৱা,বাল্যবিবাহ আদিৰ বিৰুদ্ধে কাকতিগাঁও আহমদীয়া হাফিজীয়া ইছলামীয়া মাদ্ৰাছাত এখন সজাগতা সভাৰ আয়োজন কৰে।

দিনৰ ১ বজাৰ পৰা হোৱা এই সভাখনত সভাপতিত্ব কৰে স্থানীয়সমাজ কৰ্মী ফইজুৰ ৰহামানে। সভাখনত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম,আব্দুৰ নুৰ,কেন্দ্ৰীয় সমিতিৰ সম্পাদক হাজি আনচৰ আলি,কেন্দ্ৰীয় উপ -সভাপতি মুচাৰফ হুছেইন কবিৰ আদি ।

এই সভাতে বুঢ়া চাপৰিত বন বিভাগৰ গুলিত নিহত হোৱা ৰহিমা খাতুনৰ লগতে আহত হোৱা স্বামী চমচেৰ আলিক চৰকাৰৰ পৰা আগবঢ়োৱা ক্ৰমে ৫ লাখ আৰু ১ লাখ টকাৰ চেক প্ৰদান কৰে। ইয়াৰ উপৰি আহত হোৱা আব্দুৰ ৰহমান আৰু আলি আহমেদৰ পৰিয়ালকো চৰকাৰে আগবঢ়োৱা ১ লাখ টকা চেক প্ৰদান কৰে।

ইফালে আমছুৰ সভাপতি ৰেজাউল কৰিমে ভাষণ প্ৰসংগত কয় যে, চৰকাৰে প্ৰতিটো উচ্চেদিত পৰিয়ালক ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত আমছুৱে প্ৰতিবাদ অব্যাহত ৰাঁখিব বুলি মন্তুব্য কৰে। সমাজত বৃদ্ধি হোৱা অসামাজিক কাৰ্যকলাপ সম্পৰ্কত আমছুৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে যে,চৰকাৰে যিমানেই আইন নকৰক কিয় যেতিয়ালৈকে আমিবোৰ সচেতন হ'ব নোৱাৰো তেতিয়ালৈকে সমাজৰ পৰা অসামাজিক কাৰ্যকলাপৰ অন্ত নপৰিব বুলি মন্তব্য কৰে।

সমাজখন শিক্ষা -দীক্ষাৰে পৰিপুষ্ট হ'লেহে সমাজৰ পৰা সামাজিক ব্যধিবোৰ আঁতৰিব বুলি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু সমাজকৰ্মী ছিৰাজউদ্দিন আহমেদে মত-প্ৰকাশ কৰে। সভাৰ শেষৰ ফাললৈ নৱগঠিত কামপুৰৰ কাকতিগাঁও আঞ্চলিক আমছুৰ বিষয়ববীয়াই শপতগ্ৰহণ কৰে।

কামপুৰৰ কাকতি গাঁৱত আমছুৰ সজাগতা সভা
খটখতি আৰক্ষীৰ জালত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in