খটখতি আৰক্ষীৰ জালত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী

খটখতি আৰক্ষীৰ জালত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
খটখতি আৰক্ষীৰ জালত ড্ৰাগছসহ মহিলা সৰবৰাহকাৰী

ডিজিটেল সংবাদ,বোকাজান : বোকাজান মহকুমা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে সন্ধিয়া এক বিশেষ সূত্ৰৰ ভিত্তিত খটখতি নিয়মীয়া তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা এখন নৈশ বাছত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়।

Advertisment

এই অভিযানত আৰক্ষীয়ে এগৰাকী মহিলা যাত্ৰীক তালাচী চলাই ৪টা চাবোনৰ বাকচত ৪৭.৯ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। ধৃত মহিলা সৰবৰাহকাৰীয়ে কাপোৰৰ মাজত ড্ৰাগছখিনি লুকুৱাবলৈ চেষ্টা চলাইছিল।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত লখিমপুৰৰ পাপৰি দাস আৰু প্ৰীতম প্ৰকাশ নেওগক আটক কৰি জেৰা অব্যাহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনি বজাৰ মূল্য প্ৰায় ৫লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰা বুলি উল্লেখ কৰে।

Also Read: বাই-বাই টাইগাৰ

bokajan Assam police