/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/70c30718-8543-4f01-9dbc-d8ca607d00a9/elec.jpg)
ডিজিটেল সংবাদ, কামপুৰ: পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়া যুৱকৰ। কামপুৰ থানাৰ অন্তৰ্গত মিনাৰপাম দা পাৰাৰ এজন যুৱকৰ বহিঃৰাজ্যত মৃত্যু হোৱা খবৰে এতিয়া সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰামতে, মিনাৰপাম দা পাৰাৰ আবু হানিফা নামৰ যুৱক জন চেন্নাইত কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত বিদ্যুৎপৃষ্ট মৃত্যু মুখত পৰে। উল্লেখযোগ্য যে, নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত দাপাৰা গাৱৰ আবু হানিফ (১৭)নামৰ যুৱক জন যোৱা জুন মাহত নিজ ঘৰৰ পৰা চেন্নাইলৈ কাম কৰিবলৈ গৈছিল।
চেন্নাইৰ এটা কোম্পানীত কাম কৰি আছিল আবু হানিফে। যোৱা বুধবাৰে ৰাতি ১১ বজাত কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ভাগ্যজনকভাৱে এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক সাৱতি লয় যুৱকজনে। শনিবাৰে বিমানযোগে পুৱাৰ ভাগত মৃতদহটো ঘৰ পোৱাৰ লগে লগে যুৱক জনৰ দাপৰাৰ বাসগৃহত এক শোকাকুল পৰিবেশে বিৰাজ কৰে।