অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...

অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত এছিয়াৰ সৰ্ব্বোচ্চ লিংগাকাৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰতো ভক্তপ্ৰাণ ৰাইজৰ সমাগম...
অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...

ডিজিটেল সংবাদ, বঢ়মপুৰ : আজি পহিলা ব'হাগ। অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। বছৰৰ প্ৰথমটো পুৱাত ৰাজ্যৰ মন্দিৰে-নামঘৰে নেদেখা জনৰ আৰ্শীষ বিচাৰি ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে।

নগাঁও জিলাৰ ভেৰভেৰীস্থিত এছিয়াৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো আশীষ লাভৰ অৰ্থে বহু তীৰ্থযাত্ৰী-দর্শনাৰ্থীৰ আগমন ঘটা পৰিলক্ষিত হয়। নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে তাৰেই কামনা কৰে ভক্তসকলে।

পুৱাই বন্তি, ধূপ, শৰাই-নৈবদ্যৰে উপচি পৰে মন্দিৰৰ চৌহদ। উল্লেখ্য যে সাধাৰণ ৰাইজৰ সমান্তৰালভাৱে ৰাজ্যৰ নেতা-অভিনেতা সকলকো মন্দিৰৰ চৌপাশত সেৱা জনোৱা দেখা যায়।

অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...
National Youth Day 2023: জন্ম জয়ন্তীত স্বামী বিবেকানন্দক দেশজুৰি স্মৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in