কাইলৈ গৰু বিহু : দীঘলতী-মাখিয়তী সংগ্ৰহত ব্যস্ত চহা...

কাইলৈ গৰু বিহু, দীঘলতী আৰু মাখিয়তী সংগ্ৰহত ব্যস্ত ৰাজ্যবাসীৰ লগতে বটদ্ৰৱাৰ চহা কৃষক...
কাইলৈ গৰু বিহু : দীঘলতী-মাখিয়তী সংগ্ৰহত ব্যস্ত চহা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দীঘলতি মাখিয়তি বিহুৰ অন্যতম উপাদান। এই দুবিধ উপাদানৰ অবিহনে গৰু বিহু সম্পূৰ্ণ নহয়। পৰম্পৰা ৰক্ষা কৰি অসমীয়াই অতিজৰে পৰা গৰু বিহুৰ বাবে দীঘলতি মাখিয়তি সংগ্ৰহ কৰে। গৰু বিহুৰ দিনা সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন অসমীয়া মানুহে এবাৰ হ’লেও গুণগুণায়– "দীঘলতি দীঘল পাত, মাখি মাৰো জাত জাত।”

গৰু বিহু দিনাখন গৰুক দীঘলতি আৰু মাখিয়তী গছৰ ডাল-পাতেৰে কোবাই কোবাই এইদৰে গোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে। দীঘলতি আৰু মাখিয়তী গছ বীজানু নাশক হোৱা বাবে এই গছ বোৰেৰে গৰুক মাৰিলে গাৰ পৰা মাখি, মহ আদিবোৰ আঁতৰি যায়। সন্ধিয়া গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদূলি, চোতাল আৰু গোহালিৰ মুখত বিহলগনি, অগৰা আদি গছৰ লগত দীঘলতি, মাখিয়তী গছৰ ডাল-পাতাত সংমিশ্ৰণ কৰি জাগ দিয়াৰ নিয়ম।

অসমীয়া সমাজৰ জনবিশ্বাস অনুসৰি মহ, মাখি, পোক পৰুৱা আদি ধোঁৱাৰ বাবে নোহোৱা হয়। ব’হাগ বিহুৰ অতিকৈ প্ৰয়োজনীয় দীঘলতি পাত বহুতো ঔষধি গুণেৰে ভৰপুৰ। চ'তৰ সংক্ৰান্তিত অসমীয়াই গৰু বিহু পালন কৰে।

সেয়েহে গৰু বিহুৰ বাবে বৰ্তমান দীঘলতী আৰু মাখিয়তী সংগ্ৰত ব্যস্ত হৈ পৰিছে ৰাজ্যৰবাসীৰ লগতে বটদ্ৰৱাৰ চহা কৃষক। উল্লেখ্য যে, সাম্প্ৰতিক যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা এই দীঘলতী আৰু মাখিয়তী বটদ্ৰৱাৰ নতুন ভোগবাৰী সত্ৰৰ কৃষকে সজতনে ৰাখিবলৈ যত্ন লৈছে।

কাইলৈ গৰু বিহু : দীঘলতী-মাখিয়তী সংগ্ৰহত ব্যস্ত চহা...
নাগালেণ্ডৰ গণহত্যাৰে জড়িত সেনাৰ বিৰুদ্ধে বিচাৰ অস্বীকাৰ কেন্দ্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in