ঐতিহাসিকক্ষণৰ সাক্ষী হ'বলৈ অযোধ্যাত উপস্থিত অসমৰ সত্ৰাধিকাৰসকল

মাজত মাথোঁ কেইটামান ক্ষণ। ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি। লোকে লোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। অযোধ্যোৰ এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা। অন্তহীন ব্যস্ততা ৰাম নগৰীত।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিকক্ষণৰ সাক্ষী হ'বলৈ অযোধ্যাত উপস্থিত অসমৰ সত্ৰাধিকাৰসকল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাজত মাথোঁ কেইটামান ক্ষণ। ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি। লোকে লোকাৰণ্য হৈ পৰিছে ৰাম জন্মভূমি। অযোধ্যোৰ এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা। অন্তহীন ব্যস্ততা ৰাম নগৰীত। দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলোৰে লক্ষ্য হৈ পৰিছে অযোধ্যা।

Advertisment

ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্নপ্ৰান্তৰ হাজাৰ-হাজাৰ সাধু-সন্ত। ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ঐতিহাসিক সাক্ষী হ'বলৈ ৰামলালা দৰ্শনৰ বাবে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল উপস্থিত হৈছে। মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰশালৰ সত্ৰাধিকাৰ জীতেন্দ্ৰনাথ প্ৰদানী, অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্ত, চাংগিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লিগাচুকে আজি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত হৈছে।

উত্তৰ পূৱৰ সন্ত মহন্ত, সত্ৰাধিকাৰ সকলৰ আপ্যায়নৰ ব্যবস্থাপক হিচাপে বটদ্ৰৱাৰ ৰাজীৱ কলিতা নামৰ এজন যুৱ সমাজকৰ্মীয়ে দ্বায়িত্ব পালন কৰি আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, সৰযূ নদীৰ পাৰৰ মনি পৰ্বত অঞ্চলত উত্তৰ পূৱৰ সন্ত মহন্ত, সত্ৰাধিকাৰ সকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে।

Also Read: ঢকুৱাখনাত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

ram mandir ayodhya