ঢকুৱাখনাত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত শনিবাৰে ৰাজ্যজুৰি এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আহ্বান জনোৱা নাৰ্য প্ৰাপ্য বিচৰা এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীলৈ ঢকুৱাখনা জিলা এন পি এছ কৰ্মচাৰী সন্থা ,জিলা কৰ্মচাৰী পৰিষদ , মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, প্ৰাথমিক শিক্ষক সন্মিলনী আদি সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত শনিবাৰে ৰাজ্যজুৰি এন পি এছ কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আহ্বান জনোৱা নাৰ্য প্ৰাপ্য বিচৰা এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীলৈ ঢকুৱাখনা জিলা এন পি এছ কৰ্মচাৰী সন্থা ,জিলা কৰ্মচাৰী পৰিষদ , মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, প্ৰাথমিক শিক্ষক সন্মিলনী আদি সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

Advertisment

ঢকুৱাখনা জিলা সন্থাৰ অন্তৰ্গত এন পি এছ কৰ্মচাৰী সকলে নিজ নিজ কৰ্মথলীত উপস্থিত হৈ উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰে। দুঘণ্টা জোৰা এই সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰি এন পি এছ কৰ্মচাৰী সকলে নতুন পেঞ্চন নীতি বাতিল কৰি শীঘ্ৰে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰে।

নিজ নিজ কৰ্মথলিত প্ৰতিবাদকাৰী সকলে অ পি এছ তৎকালে প্ৰৱৰ্তন কৰক , এন পি এছ বাতিল কৰক , আমাক ন্যায় দিয়ক , আমাক আমাৰ প্ৰাপ্য আদায় দিয়ক আদি দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।ঢকুৱাখনা মহকুমাটোৰ গৰিষ্ঠ সংখ্যক শিক্ষানুষ্ঠান , চৰকাৰী কাৰ্য্যালয় আদিৰ এন পি এছ কৰ্মচাৰী সকলৰ এই ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদৰ ফলত শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্য্যালয় সমূহৰ স্বাভাৱিক কাম কাজ বাধাগ্ৰস্ত হোৱা পৰিলক্ষিত হয়।

Also Read: ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ

strike nps