/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f6ac854d-f156-4e03-a721-19d955fbe1dc/422.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : মৰিগাঁও জিলাৰ সীমান্ত বাৰপূজীয়াত ৩১জানুৱাৰী আৰু ১,২ আৰু ৩ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিবেশন। বাৰপূজীয়া পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত বাৰপুজীয়া শতদল শাখা সাহিত্য সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখনিৰ শুক্ৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/55badec5-fdf1-428a-b9a3-5cea5199ec0b/d335d645_bfd0_4ec3_897d_b3811854929d.jpg)
মৰিগাঁও জিলা আয়ুক্ত তথা বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লাইখুুঁটা স্থাপন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেঁওটে। লাইখুঁটা স্থাপন অনুষ্ঠানত চিৰ চেনেহী মোৰ ভাষা জননী, খোল-তালৰ মাতে মুখৰিত হৈ পৰে। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা থকা অনুষ্ঠানত সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে গন্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/af92d204-8da2-4a6a-9448-502897670abb/2cbbdd9e_b134_481d_8b5e_2b3f9a2a1d2b.jpg)
Also Read: ধেমাজিত ভূমি ক্ষতিপূৰণৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ