ধেমাজিত ভূমি ক্ষতিপূৰণৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

ধেমাজিত ভূমি ক্ষতিপূৰণৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
ধেমাজিত ভূমি ক্ষতিপূৰণৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনালৈ যোৱা অসম মালা আচঁনিৰ অধীনত ২৪৬ কোটি টকাৰে নিৰ্মীয়মাণ হৈ আছে এটি পথ। কিন্তু মাছখোৱা চাৰিআলিৰ পথছোৱাত ২৪ কোটি ১৫ লাখ ১৭ হেজাৰ টকাৰ দুৰ্নীতি আৰু লুণ্ঠন হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

Advertisment

উল্লেখ্য যে, উক্ত ঘটনাৰ সন্দৰ্ভত কিছুদিন পূৰ্বে অভিযোগ উত্থাপন হৈছিল। উক্ত অভিযোগত ইতিমধ্যে ধেমাজি আৰক্ষীয়ে গড়কাপ্তানি গৃহ বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা সুনীল দলেক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ পিছত শুকুৰবাৰে পুৱা ৰঙিয়া আৰক্ষীৰ সহযোগত ধেমাজি আৰক্ষীয়ে গড়কাপ্তানি গৃহ বিভাগৰ সহকাৰী অভিযন্তা লৱ সোনোৱালক ৰঙিয়াত গ্ৰেপ্তাৰ কৰে। ৰঙিয়াত গ্ৰেপ্তাৰ হোৱা সোনোৱালক শুকুৰবাৰে নিশা আৰক্ষীয়ে ধেমাজিলৈ আনিব বুলি জানিব পৰা গৈছে।

Also Read: তামুলপুৰত হাতী-মানুহৰ সংঘাত : দুজন নিহত

land compensation Anti-Corruption Branch