অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপ

ত্ৰিনয়নক হৰুৱাই শ্বাইন’ছ প্লেয়াৰ্ছ সহজ জয়

author-image
Asomiya Pratidin
New Update
অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা অসম ক্ৰিকেট সন্থাৰ ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ নগাঁৱৰ খেলত শনিবাৰে শ্বাইন’ছ প্লেয়াৰ্ছে ত্ৰিনয়ন গোষ্ঠীক ৮১ৰাণত সহজেই হৰুৱাই গ্ৰুপ লীগত সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে ৷ গুৰুত্বপূৰ্ণ খেলখনত শ্বাইন’ছ প্লেয়াৰ্ছে টছত জিকি পোনতে বেট ধৰি ৰাজীৱ কৰ্মকাৰৰ ৫২, উইকেটৰক্ষক ৰিপুঞ্জয় কাশ্যপৰ ৩০, হুমায়ুন ৰছিদ আহমেদৰ ২৪ ৰাণৰ উল্লেখনীয় অৱদানৰে ৩০ অভাৰত সকলোকেইটা উইকেটৰ বিনিময়ত ১৯৮ ৰাণ সংগ্ৰহ কৰে ৷

Advertisment

বলিঙত ত্ৰিনয়ন গোষ্ঠীৰহৈ বিশ্বজিত বি এম বৰাই চাৰিটা, বিবেক ডেকাই তিনিটা, অক্ষৰ দাসে দুটা আৰু দীপজ্যোতি কলিতাই এটা উইকেট লাভ কৰে ৷ প্ৰত্যুত্তৰত ত্ৰিনয়ন গোষ্ঠীয়ে বেট ধৰি দীপজ্যোতি কলিতাৰ৩৩, বিশাল বৰাৰ ১৭ আৰু ৰজত বৰদলৈৰ ১৩ৰাণৰ উল্লেখনীয় অৱদান স্বত্বেও ২৪.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১১৭ৰাণহে কৰিবলৈ সক্ষম হয় ৷

বলিঙত শ্বাইন’ছ প্লেয়াৰ্ছৰ হৈ চিৰঞ্জীৱ কৌশিকে পাঁচটা, হুমায়ুন ৰছিদ আহমেদে তিনিটা, বিদেশব্ৰত দত্ত আৰু ৰাজীৱ কৰ্মকাৰে এটাকৈ উইকেট দখল কৰে ৷ দুলাল আহমেদ আৰু নবীন কালৱাৰ আম্পায়াৰৰূপে থকা খেলখনৰ অন্তত প্ৰাক্তন ক্ৰিকেটাৰ তথা সমাজ সংগঠক জোন ৰাজখোৱাই শ্বাইন’ছ প্লেয়াৰ্ছৰ হুমায়ুন ৰছিদ আহমেদক “প্লেয়াৰ অব দ্যা মেচ”ৰ বঁটা বিতৰণ কৰে ৷

অনুষ্ঠানত ক্ৰীড়া সংগঠক অসীম কুমাৰ ভাৱাল, দেৱজিৎ দাস, মৃনাল কুমাৰ হাজৰিকা আৰু সমীৰ হাজৰিকাও উপস্থিত আছিল ৷ উল্লেখ্য যে, আজিৰ খেলত শ্বাইন’ছ প্লেয়াৰ্ছৰ চিৰঞ্জীৱ কৌশিকে পাঁচটাকৈ উইকেট পোৱাৰ বাবে সেই ইনিংছৰ বলটো উপহাৰৰূপে তেওঁক আগবঢ়োৱা হয় ৷

Also Read: অসম ফুটবল দলত কলিয়াবৰৰ বৃষ্টিপ্ৰিয়া ডেকা

cricket