অসম ফুটবল দলত কলিয়াবৰৰ বৃষ্টিপ্ৰিয়া ডেকা

অসম ফুটবল দলত কলিয়াবৰৰ বৃষ্টিপ্ৰিয়া ডেকা

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভোগালী বিহুৰ আনন্দোৎসৱৰ মাজতে কলিয়াবৰ ক্ৰীড়াজগতৰ বাবে এক সুখবৰ কঢ়িয়াই আনিলে বৃষ্টিপ্ৰিয়া ডেকাই। ৰাঁচীত অনুষ্ঠিত হ'বলগীয়া ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে নিৰ্বাচিত অনুৰ্দ্ধ ১৪ বৰ্ষৰ ছোৱালী দলত স্থান লাভ কৰিছে কলিয়াবৰৰ উদীয়মান ফুটবল খেলুৱৈ বৃষ্টিপ্ৰিয়া ডেকাই। অসম ফুটবল এছ'ছিয়েছনে বৃহস্পতিবাৰে ঘোষণা কৰা ১৮ জনীয়া তালিকাত স্থান লাভ কৰা কলিয়াবৰৰ বৃষ্টিপ্ৰিয়া ডেকাই দলৰ আক্ৰমণ বিভাগৰ খেলুৱৈ ৰূপে নিৰ্বাচিত হৈছে।

ছোৱালীৰ ১৮ জনীয়া দলটোৰ সদস্য হিচাপে অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ ঝাৰখণ্ডৰ ৰাঁচীৰত অনুষ্ঠিত হ'বলগীয়া ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। কলিয়াবৰ ছোৱালী ফুটবল দলৰ নিয়মীয়া খেলুৱৈ বৃষ্টিপ্ৰিয়াৰ এই সফলতাত আনন্দিত হোৱাৰ লগতে অসম দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আশাৰে খেলুৱৈগৰাকীলৈ কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ লগতে ক্ৰীড়াপ্ৰেমীয়ে শুভেচ্ছা জনাইছে l

অসম ফুটবল দলত কলিয়াবৰৰ বৃষ্টিপ্ৰিয়া ডেকা
কমাৰবন্ধাত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in