মিজোৰামৰ নিৰ্বাচনী দায়িত্ব পালন কৰি ক'ত হেৰাল অসম আৰক্ষী জোৱান? আজিও নাই সন্ধান...

মিজোৰামৰ নিৰ্বাচনী দায়িত্ব পালন কৰি ক'ত হেৰাল অসম আৰক্ষী জোৱান? আজিও নাই সন্ধান...
মিজোৰামৰ নিৰ্বাচনী দায়িত্ব পালন কৰি ক'ত হেৰাল অসম আৰক্ষী জোৱান? আজিও নাই সন্ধান...

ডিজিটেল সংবাদ চামগুৰিঃ নগাঁও জিলাৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ এগৰাকী আৰক্ষী জোৱান নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে । মিজোৰামৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত হৈ থকাৰ সময়তে মিজোৰাম ম্যানমাৰ সীমান্তৰ পৰা চামগুৰিৰ কোটায়নীৰ সবিন নাথ নামৰ আৰক্ষী জোৱানজন নিৰুদ্দেশ হৈছিল।

বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ জোৱানজনৰ নিৰুদ্দেশৰ খবৰ লাভ কৰাৰ পাছতেই আৰক্ষী বাহিনীটোৰ অধিনায়ক মুকুট ৰাভাই স্থানীয় ইটাচালী আৰক্ষী চকীত অৱগত কৰাৰ লগতে মিজোৰামৰ স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰি মিজোৰাম আৰক্ষীৰ জৰিয়তেও জোৱান জনক বিচাৰি অভিযান চলাইছে যদিও আজি পৰ্যন্ত জোৱানজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে আৰক্ষী পোছাক পিন্ধিয়েই নিৰুদ্দেশ হোৱা সবিন নাথৰ কোনো সম্ভেদ লাভ কৰিলে নৱম অসম আৰক্ষী বাহিনীৰ লগত যোগাযোগ কৰাৰ লগতে সবিন নাথৰ পৰিয়ালৰ ৮৮১১০৩১২৯৮ আৰু ৮০৯৯৫২৮৮৮৪ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অধিনায়ক মুকুট ৰাভাৰ লগতে পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

মিজোৰামৰ নিৰ্বাচনী দায়িত্ব পালন কৰি ক'ত হেৰাল অসম আৰক্ষী জোৱান? আজিও নাই সন্ধান...
আৰক্ষীক কৰ্তব্যত বাধাঃ AIMIM ৰ নেতা আকবৰুদ্দিন ওৱেইছিৰ বিৰুদ্ধে গোচৰ ৰুজু, চাওঁক ভিডিঅ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in