অসম আন্দোলনৰ নেতা-বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ বিয়োগ

অসম আন্দোলনৰ নেতা-বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ বিয়োগ

ডিজিটেল সংবাদ,কলিয়াবৰঃ অসম আন্দোলনৰ অগ্ৰণী নেতা, কলিয়াবৰৰ বিশিষ্ট কবি তথা সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিয়োগ ঘটে। বৰগোহাঞিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শুক্ৰবাৰে জখলাবন্ধাৰ খাউণ্ডচুকৰ নিজা ঘৰ খনত বিভিন্ন প্ৰান্তৰ গুণমুগ্ধই ভিৰ কৰে।

চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ কনিষ্ঠ ভাতৃ বৰগোহাঞি কালি হঠাতে অসুস্থ হৈ পৰাত গুৱাহাটীলৈ উন্নীত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও তাতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।

উল্লেখ্য যে, জখলাবন্ধা নিৱাসী বৰগোহাঞিয়ে ডিব্ৰগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি কলিয়াবৰ মহকুমাত নিয়োগ বিষয়া হিচাপে যোগদান কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত চাকৰি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰে জড়িত হৈ পৰিছিল । তাৰ পাছত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ।

কলিয়াবৰৰ বিভিন্ন সামাজিক কৰ্মত জড়িত বৰগোহাঞি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত সংযুক্ত হৈ ছবছৰীয়া ছাত্ৰ আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী হিচাপে নিজকে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছিল। ১৯৭৬ চনত জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়।

১৯৮৩ চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা সন্মানসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বৰগোহাঞিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক হিচাপেও সন্মানিত হৈছিল। সদৌ অসম কবি সন্মিলনৰ পৰা শ্ৰেষ্ঠ কবি হিচাপে বঁটা লাভ কৰা বৰগোহাঞিৰ "মোৰ দেশ মোৰ যৌৱন" শীৰ্ষক প্ৰকাশিত কবিতা পুথিৰ লগতে বিভিন্ন কাকত আলোচনীত সিঁচৰতি হৈ আছে তেওঁৰ সাহিত্য সম্ভাৰ।

এইগৰাকী বিশিষ্ট ব্যক্তিয়ে মৃত্যুৰ সময়ত পত্নী হেমা বৰগোহাঞি, পুত্ৰ-বোৱাৰী, দুগৰাকী কন্যাসহ অগণন গুণমুগ্ধক এৰি থৈ যায়। আজি বৰগোহাঞিৰ মৃতদেহ শোভাযাত্ৰা কৰি জখলাবন্ধা মিলন সংঘলৈ নিয়া হয়।

কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা ছাত্ৰ নেতা মৃগাংক শেখৰ ভৰালী হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰদীপ লস্কৰ, কলিয়াবৰ জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি চন্দন জ্যোতি শ ইকীয়া, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক ক্ৰমে তৰুণ মুক্তিয়াৰ, গৌতম কুমাৰ বৰা, ব্যৱসায়ী জয়ন্ত খাউণ্ড আদিয়ে বৰগোহাঞিৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰোপৰি বৰগোহাঞিৰ মৃত্যুত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ প্ৰেছ ক্লাব, কলিয়াবৰ লেখিকা সমাৰোহ সমিতি, জখলাবন্ধা ব্যৱসায় সন্থাকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে গভীৰ শোকৰ প্ৰকাশ কৰিছে। সমাজকৰ্মী বৰগোহাঞিৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি আজি দিনৰ ভাগত জখলাবন্ধাৰ ব্যৱসায়ী সকলে সমূহ বানিজ্যিক প্ৰতিষ্ঠান বন্ধ ৰাখি মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷

অসম আন্দোলনৰ নেতা-বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ বিয়োগ
আকাংক্ষিত জিলা হিচাপে দৰঙে লাভ কৰা অগ্রগতিৰ পৰ্যালোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in