/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3af83e74-dd47-4cd3-9275-77a9e809c6a0/419.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : শুকুৰবাৰে দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আকাংক্ষিত জিলা হিচাপে দৰঙে লাভ কৰা অগ্রগতিৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত আকাংক্ষিত জিলা কাৰ্যসূচীৰ কেন্দ্রীয় প্ৰভাৰী বিষয়া অজয় তিৱাৰীয়ে জিলাখনে শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, কৃষি আৰু জলসম্পদ, বিত্তীয় অন্তর্ভুক্তি আৰু দক্ষতা বিকাশ, বুনিয়াদী আন্ত:গাঁঠনি ক্ষেত্ৰত লাভ কৰা অগ্রগতিৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ee9d390a-7dbd-441e-bfd6-ac6255918edd/06d8cfc9_791a_4eea_8bfe_1147bd12f6f3.jpg)
সভাত এক পাৱাৰ পইন্ট প্ৰেজেন্টেচনৰ জৰিয়তে কেন্দ্রীয় প্ৰভাৰী বিষয়া গৰাকীক আকাংক্ষিত জিলাখনৰ উল্লেখিত ক্ষেত্ৰসমূহৰ সূচাংকৰ বিষয়ে বিস্তৃতভাবে অৱগত কৰা হয়। সভাত কেন্দ্ৰীয় প্ৰভাৰী বিষয়াগৰাকীয়ে জিলাখনত শিশুৰ জন্মৰ সময়ত লোৱা যতন, পুষ্টি, শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত, কৃষি উৎপাদন, ফচল বীমা যোজনাকে ধৰি বীমা আঁচনি, দক্ষতা বিকাশ আদি ক্ষেত্ৰসমূহৰ বিষয়ে পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f747fe7e-8593-4574-91bd-77eae12d4915/c250e0df_62e6_4168_b179_f5b9922ca13a.jpg)
দৰং জিলাই ভৱিষ্যতে এই ক্ষেত্ৰসমূহত ক্ৰমান্বয়ে অগ্রগতি লাভ কৰি আগুৱাই যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে অতিৰিক্ত আয়ুক্তকেইগৰাকী আৰু জিলাখনৰ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।
Also Read: নুৰুল আমিন ষ্টেডিয়ামত খেল মহাৰণ