Advertisment

নগাঁৱত অচল আয়ুক্ত কাৰ্যালয়...

নগাঁৱত অচল আয়ুক্ত কাৰ্যালয়...

author-image
Asomiya Pratidin
New Update
 নগাঁৱত অচল আয়ুক্ত কাৰ্যালয়...

নগাঁৱত অচল আয়ুক্ত কাৰ্যালয়...

ডিজিটেল সংবাদ নগাঁও: সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নগাওঁ জিলা সমিতিয়ে ২৯ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে সন্থাই ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়াকৈ ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচী তথা সন্থাৰ দাবীসমূহৰ প্ৰতি অসম চৰকাৰে কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ পৰিপ্ৰেক্ষিতত নগাওঁ জিলা আয়ুক্তৰ অধীনৰ কৰ্মচাৰীসকলে একগোট হৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী আজি পালন কৰে।

Advertisment

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত উক্ত কাৰ্যসূচীত প্ৰায় দুই শতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ ভিতৰত আছে জিলা প্ৰশাসন কৰ্মচাৰীসকলক সুকীয়া গ্ৰেড-পে (Grad Pay) প্ৰদান কৰা, আয়ুক্ত কাৰ্য়ালয়সমূহত অধীক্ষক আৰু গাণণিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জিলা প্ৰশাসন কৰ্মচাৰীসকলক প্ৰদান কৰা ৩ শতাংশ অতিৰিক্ত দৰমহা জাৰিকাৰক সকলক অতি শীঘ্ৰে আদায়ৰ ব্যৱস্হা কৰা আৰু ২০০৫ চনৰ পাছত যিসকল কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল তেওঁলোকক এন-পি-এছ(NPS) বাতিল কৰি অ’-পি-এছ(OPS) প্ৰদান কৰা আদি।

যদি চৰকাৰে এই সমূহ দাবী অতি সোনকালে পুৰণ নকৰে তেনেহ'লে অনাগত দিনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সন্থা প্ৰচাৰ সম্পাদক সীমান্ত হাজৰীকাই জানিবলৈ দিয়ে ।

Also Read: চৰাইদেউলৈ আহিছে স্বৰ্গদেউ চুকাফাঃ থৰ লাগি চাইছে বাটৰুৱাই...

কৰ্মচাৰীৰ প্ৰতিবাদ