/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/82dbc264-f58d-49c3-add4-129e96b88250/charaideu_29.jpg)
চৰাইদেউলৈ আহিছে স্বৰ্গদেউ চুকাফাঃ থৰ লাগি চাইছে বাটৰুৱাই...
ডিজিটেল সংবাদ চৰাইদেউঃ পাটকাই পৰ্বত পাৰ হৈ আহি চৰাইদেউত ৰাজধানী পাতিছিল চাওলুং চুকাফাই। সেয়া আজিৰ পৰা প্ৰায় ৭৫০ বছৰৰো আগৰ কথা। চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্য এতিয়া নাই।
আছে তেওঁ গঢ়ি যোৱা বৰ অসম। ঠিক সেইদৰে চৰাইদেউত চুকাফাই পতা ৰাজধানীখনো নাই। আছে আহোম সাম্ৰাজ্যৰে জড়িত বিভিন্ন সমল। সেই সমলৰ মাজতে এতিয়া পুনৰ জিলিকিছে বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফা।
ঐতিহাসিক চৰাইদেউৰ প্ৰাংগণত এজোপা বৃহৎ আঁকাৰৰ গছত দেখা গৈছে চাওলুং চুকাফাক। এইজন চাওলুং চুকাফা শিল্পীৰ হাতৰ পৰশতহে জীৱন্ত হৈ পৰিছে। চুকাফাক এজোপা গছৰ দেহত জীৱন্ত কৰি তোলা এই শিল্পীগৰাকী শিৱসাগৰ জিলাৰ বকতা জাপিসঁজীয়া গাঁৱৰ পবিত্ৰ বৰুৱা।
পবিত্ৰ বৰুৱাই এডাল জীৱন্ত গছত স্বৰ্গদেউ চুকাফাক অংকন কৰি এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ তেওঁৰ এই শিল্প কৰ্ম ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
এইগৰাকী চিত্ৰ শিল্পীয়ে ইয়াৰ পূৰ্বেও এইদৰে বিভিন্নজনৰ চিত্ৰ অংকন কৰিছে। পূৰ্বে তেওঁ শিৱসাগৰ জিলাৰ বকতা গছৰ বুকুত অৰণ্য মানৱ যাদৱ পায়েং আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিচ্ছবি অংকন কৰি সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছিল।
Also Read: বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই গৃহহীন হ'ল ৭ টা পৰিয়ালঃ বন্যহস্তীৰ তাণ্ডৱত দিশহাৰা সকলো...