কঠীয়াতলীত গৰুসহ দুই চোৰক আটক আৰক্ষীৰ...

গৰু সৰবৰাহৰ ক্ষেত্ৰত প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই যেন গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছে ৰাজ্যত

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত গৰুসহ দুই চোৰক আটক আৰক্ষীৰ...

ডিজিটেল সংবাদ, কামপুৰ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ ঘটনা। গৰু সৰবৰাহৰ ক্ষেত্ৰত প্ৰশাসন যিমানেই কঠোৰ হৈছে, সিমানেই যেন গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছে ৰাজ্যত।

Advertisment

নগাওঁ জিলাৰ কঠীয়াতলীত নিশা দুটা গৰু চোৰ আটক কৰা হয়। ৰাইজৰ সহযোগত আৰক্ষীয়ে কঠীয়াতলীৰ শগুণবাঁহী অঞ্চলৰ পৰা এটা গৰু সহ দুটা গৰু চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

ধৃত চোৰ দুটাৰ শগুণবাহীৰ মিন্টু কেওট আৰু আনটো শৃংগৰাপট্টি আবুল বাছা বুলি জানিব পৰা গৈছে । চোৰ দুটাক ইতিমধ্যই জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Also Read: পূৰ্বেই বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাত আজি পুনৰ অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল...