/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/40698e7d-a885-4e1c-acc9-e63660f0264c/NAGAON_22.jpg)
নতুন ভোটাৰৰ বাবে নগাঁৱত সজাগতা ৰেলী...
ডিজিটেল সংবাদ নগাঁও: লোকসভা নিৰ্বাচন-২০২৪ৰ সৈতে সংগতি ৰাখি SVEEP কাৰ্যাৱলীৰ অংশস্বৰূপে, নতুন ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২১ মাৰ্চত নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগনৰপৰা এটি বিশেষ চাইকেল ৰেলীৰ আয়োজন কৰা হয়। জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ দ্বাৰা আয়োজিত উক্ত অনুষ্ঠানৰ আঁতধৰে উত্তৰপূৱৰ প্ৰথমগৰাকী পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে আৰু ফ্লেগ অফ কৰে অতিৰিক্ত আয়ুক্ত মুনমী কলিতাই।
ৰেলিটিত নগাঁও নিৰ্বাচনী বিষয়া মৌচম কুমাৰ নাথৰ লগতে অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগৰ বিষয়াৰ লগতে নতুন ভোটাৰসকলে অংশগ্ৰহণ কৰে।
Also Read: আইফোনত অত্যাধিক মূল্যৰে এপলে লুটিছে গ্ৰাহককঃ মাৰ্কিন বিচাৰ বিভাগত গোচৰ ৰুজু...