নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন...

নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন...
নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন...

ডিজিটেল সংবাদ নগাঁও: ''ৰহস্যৰ বহু ধাৰা আছে। বহুতে ভাবে ৰহস্য সাহিত্য মানে কেৱল মাৰপিট, ডকাইত, চোৰ, পিষ্টল আদিৰ বিষয়ে লিখা। আচলতে সেয়া নহয়।'' এই মন্তব্য অসম সাহিত্য সন্মিলনীৰ সভাপতি তথা বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ।

আজি অসমীয়া সাহিত্য সন্মিলনীৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত "অসমীয়া ৰহস্য সাহিত্যৰ গতি - প্ৰকৃতি" বিষয়ক আলোচনা সত্ৰত অংশগ্ৰহণ কৰি সাহিত্যিক হাজৰিকাই কয় যে, ৰহস্য সাহিত্যৰ পৰিষৰ বৃহৎ। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এনে এজন লিখক নাই, যি গৰাকী সাহিত্যিকে ৰহস্য সাহিত্য লিখা নাই।

ৰহস্য সাহিত্য লিখা বিভিন্ন গৰাকী সাহিত্যিকৰ কথা উল্লেখ কৰি হাজৰিকাই কয় যে, বহুতে কবিতাৰে সাহিত্য আৰম্ভ কৰে। ময়ো কবিতাৰে আৰম্ভ কৰিছিলোঁ। কবিতা ভাল নালাগিল। ৰহস্য সাহিত্যলৈ আহিলোঁ। ১৯৬৬ চনৰ পৰা মই ৰহস্য সাহিত্যৰ লগত জড়িত হৈ আছোঁ। অনুবাদ সাহিত্যও কৰিছোঁ। এতিয়ালৈকে মই ৮০০ খন গ্ৰন্থ লিখিছো। আৰু ২০০ খন গ্ৰন্থ ৰচনা কৰাৰ মন আছে। এহেজাৰখন লিখিব পাৰিলে মন ভাল লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব।

তেওঁ লগতে কয় যে, ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্যৰ কিছু অংশত ৰহস্য সাহিত্যৰ প্ৰভাৱ বিৰাজমান। ৰাৱণে সীতাক আপহৰণ কৰি নিয়াৰ সময়ত এই ৰহস্য উদঘাটনৰ বাবে সীতাই নিজৰ অলংকাৰ আদি পেলাই থৈ গৈছিল। আলোচনা সত্ৰত অংশগ্ৰহণ কৰি সন্মিলনীৰ কাৰ্যকৰী সভাপতি তথা বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিৰিঞ্চি কুমাৰ দাসে কয় যে, অসমত ৰহস্য সাহিত্যক গুৰুত্ব সহকাৰে লোৱা নহয়। একাংশই ভাবে যে ৰহস্য সাহিত্য মানে ডকাইতি, মাৰপিট, বেংক ৰবাৰী আদিৰ কাহিনী লিখা গ্ৰন্থ। এনেকুৱা এটা ধাৰণা প্ৰচলিত হৈ আহিছে। আচলতে সেইটো নহয়। ৰহস্য সাহিত্যৰ জনপ্ৰিয়তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

ড০ দাসে বিশ্বৰ বহু কেইজন ৰহস্য সাহিত্যিকৰ বিষয়ে উল্লেখ কৰি ৰহস্য সাহিত্য সন্দৰ্ভত এক মননশীল ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড০ দিলীপ বৰাই ৰহস্য সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰে। সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ উদ্যেশ্য ব্যাখ্যা কৰে লেখিকা নিজৰা শইকীয়াই আৰু আদৰণি ভাষণ প্ৰদান কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক ভাস্কৰ ভূঞাই।

ড০ কৰবী দেৱীৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত সন্মিলনীৰ গীত, মুকুতা ৰাজা আৰু ভদ্ৰকান্ত দাসৰ গীত পৰিবেশন কৰাৰ লগতে ৰিজুমণি দেৱী, হৰিদেৱ মহন্ত আৰু মৃদুপৱন বৰাই কবিতা আবৃত্তি কৰে। অনুষ্ঠানত শিক্ষাবিদ ড০ সাগৰ বৰুৱা, গুণধৰ গগৈ, সাহিত্যিক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া, ধূৰ্জতি শৰ্মা, ফনীন্দ্ৰ গায়ণৰ লগতে দিপ্তী কুমাৰ বৰুৱা, অশোকৰাম ভট্টাচাৰ্য, মুকুল বৰা, ভবেন বৰা আদিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানতে প্ৰাগজ্যোতিকা আলোচনী, হৰেন কলিতাৰ কবিতা পুথি, অবিনাশ বৰদলৈ, নিভামনি দাসৰ সম্পাদনা গ্ৰন্থ 'পৰিজ্ঞানম' সন্মিলনীৰ নগাওঁ জিলা শাখাৰ আলোচনী দহিকতৰা উন্মোচন কৰা হয়। ইয়াৰ আগতে পুৱা পতাকা উত্তোলন কৰা হয়।

নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস পালন...
সপ্তমবাৰলৈ চেম্পিয়ন হ'ব পাৰিবনে ভাৰত? ICC Under-19 বিশ্বকাপৰ আজি ফাইনেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in