/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7b5ba5c0-d501-4239-94f8-c49924063833/KANAN_18.jpg)
কবি, সমাজকৰ্মী জয়ন্তী বৰালৈ অসম শিল্পী কাননৰ স্বৰ্ণলতা সোঁৱৰণি বঁটা...
ডিজিটেল সংবাদ বেবেজীয়াঃ ''অসম শিল্পী কানন"ৰ উদ্যোগত আৰু শিল্পপ্রাণ ৰাইজৰ সহযোগত নগাঁৱৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিত ২২,২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব "কেন্দ্রীয় ৰাস মহোৎসৱ আৰু সাংস্কৃতিক সমাৰোহ'' ৷ এই বৃহৎ সাংস্কৃতিক সমাৰোহতে অসম শিল্পী কাননে নগাঁৱৰ বিশিষ্টা সমাজকৰ্মী - কবি জয়ন্তী বৰাক প্ৰদান কৰিব 'স্বৰ্ণলতা সোঁৱৰণী বঁটা' ৷
উল্লেখ্য যে,নগাঁও চহৰৰ আমোলাপট্টি নিবাসী জয়ন্তী বৰা সামাজিক,সাংস্কৃতিক আৰু সমাজ হিতকৰ কামৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থকাৰ লগতে কবিতা পুথি ৰামধেনু দেশৰ ছোৱালীজনী, কবিতা মোৰ বুকুৰ সুবাদ, ছান্দিনী জৰীৰ সুগন্ধি, শিশু গল্প ইৰিকটি মিৰিকটি চৰাই -চিৰিকটি, দুকুলী আইতাৰ কাহিনী আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্যানুৰাগীৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।
জনপ্ৰিয় শিশু সাহিত্যিকগৰাকী অসম সাহিত্য সভা আৰু অসম কবি সন্মিলনৰ আজীৱন সদস্য ৰূপে জড়িত ৷ সকলোৰে মাজত জনপ্ৰিয় বৰাৰ এই কৃতিত্বত সাহিত্যানুৰাগী মহলে শুভেচ্ছা জনাইছে৷
Also Read: বৰদলনি শিক্ষা খণ্ডত প্ৰাক প্ৰাথমিক শিশুৰ যতন তথা শিক্ষাৰ প্ৰশিক্ষণৰ সামৰণি...