বৰদলনি শিক্ষা খণ্ডত প্ৰাক প্ৰাথমিক শিশুৰ যতন তথা শিক্ষাৰ প্ৰশিক্ষণৰ সামৰণি...

বৰদলনি শিক্ষা খণ্ডত প্ৰাক প্ৰাথমিক শিশুৰ যতন তথা শিক্ষাৰ প্ৰশিক্ষণৰ সামৰণি...
বৰদলনি শিক্ষা খণ্ডত প্ৰাক প্ৰাথমিক শিশুৰ যতন তথা শিক্ষাৰ প্ৰশিক্ষণৰ সামৰণি...

ডিজিটেল সংবাদ ঢকুৱাখনা: প্ৰাক প্ৰাথমিক স্তৰৰ শিশু শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ সহায়ক হোৱাকৈ শিক্ষাগুৰুসকলৰ এলানি প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ সোমবাৰে সফল পৰিসমাপ্তি ঘটে। ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত গোগামুখত যোৱা ১১ডিচেম্বৰৰ পৰা এই ৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈ সোমবাৰে সফল সমাপ্তি ঘটে। খণ্ডটোৰ মুঠ ৭৬ খন বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত থকা ৫ দিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত গোগামুখস্থিত "দে' কেয়াৰ কেন্দ্ৰ"ত ।

সোমবাৰৰ সামৰণি অনুষ্ঠানত ধেমাজি জিলাৰ নৱ নিযুক্ত জিলা শিক্ষা বিষয়া বিতুপণ হাজৰিকা উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই। জিলা শিক্ষা বিষয়া হাজৰিকাই শিশুৰ শাৰীৰিক আৰু মানসিকৰ লগতে সৰ্বাংগীন বিকাশত সহায়ক হোৱাকৈ উচ্চ গুণমানৰ শিক্ষণ শিকনৰ অভিজ্ঞতা অর্জনৰ স্বাৰ্থত এনে প্ৰশিক্ষণৰ আৱশ্যকতা আৰু প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়াই।

হাজৰিকাই প্ৰাক প্ৰাথমিক অৱস্থাতে যদি শিশুসকলৰ মানসিক বুনিয়াদ মজবুত কৰিব পৰা যায় তেন্তে সাম্প্ৰতিক প্ৰেক্ষাপটত উৎকৃষ্ট মানৱ সম্পদ গঢ়িবলৈ শিক্ষক সমাজে বহুত বেছি কষ্ট কৰিবলগীয়া নহ'ব বুলি উল্লেখ কৰি প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক জীৱনৰ সৰ্বোত্তম সময়বোৰ নব শিকাৰো শিশুকলৰ ওচৰত সমৰ্পণ কৰিবলৈ আহ্বান জনায় ।

ভাষণ প্ৰসংগত প্ৰতিগৰাকী শিক্ষাগুৰুক জিলাখনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰখনত নিজকে উৰ্চগিত মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায় । প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থীসকলে প্ৰত্যুৎপন্নতাৰে ঠাইতে হাতেৰে লিখি উলিওৱা "অকনিৰ মৌকোঁহ" শীর্ষক হাতে লিখা আলোচনী উন্মোচন কৰি তেখেতে কম সময়ৰ শিশু উপযোগী আলোচনীখন লিখি উলিওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

বৰদলনি শিক্ষা খণ্ডৰ সমল ব্যক্তি মুকুল সুতে ক্ৰিয়া কলাপ তথা ভংগিমা গীতৰ জৰিয়তে শিশুসকলক আনন্দদায়ক, ভয় শংকাহীন পৰিবেশ, শ্ৰেণী কোঠা সমূহ ঘৰুৱা পৰিবেশ সৃষ্টিৰ জৰিয়তে শিশুৰ ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ ঘটোৱাত গুৰুত্ব প্ৰদান কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি মুকলিকৈ আহ্বান জনায় ।

সূতে শিশুৰ সৃজনীশীলতা এটি শিশুৰ প্ৰাথমিক অৱস্থাৰ জন্ম প্ৰদত্ত ক্ষমতা যদিও ইয়াক পৰিবেশ সৃষ্টিৰ দ্বাৰাও পৰিপুষ্টি লাভ কৰিব পাৰে বুলি উল্লেখ কৰি এনে ব্যক্তিত্ব সম্পন্ন শিশুসকলক বিচৰা ধৰণে আগুৱাই নিবলৈ পৰামৰ্শ আগবঢ়াই। ৫দিনীয়া প্ৰশিক্ষণ কালত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে সৰ্বেশ্বৰ চেত্ৰী , অৰুণজ্যোতি কুটুম , দুলাল বৰুৱা আৰু দৈথুন ইছলাৰী।

৫ দিনীয়া মনোজ্ঞ প্ৰশিক্ষণ শিবিৰৰ তত্বাৱধায়কৰ দায়িত্ব পালন কৰে সৰ্বাত্মক শিক্ষাৰ সমল ব্যক্তি ক্ৰমে মৃদুল শইকীয়া, হৰি নাৰায়ন দত্ত আৰু দীপালী বুঢ়াগোহাঁইয়ে ।

বৰদলনি শিক্ষা খণ্ডত প্ৰাক প্ৰাথমিক শিশুৰ যতন তথা শিক্ষাৰ প্ৰশিক্ষণৰ সামৰণি...
পুনৰ আহিছে কোভিড-১৯! কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in