মণিপুৰৰ পৰা বিচ্ছিন্ন হ'ব কুকি-মিজো-জমি জনজাতি...

মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই ১০ জন জনজাতীয় বিধায়কে বিচাৰিলে পৃথক প্ৰশাসন...
মণিপুৰৰ পৰা বিচ্ছিন্ন হ'ব কুকি-মিজো-জমি জনজাতি...

ডিজিটেল সংবাদ, বেকাজান : মণিপুৰৰ ভয়ানক গোষ্ঠীগত সংঘাতৰ উত্তেজনা মাৰ নাযাওঁতে পুনৰ এক বৃহৎ ৰাজনৈতিক পৰিস্থিতিৰ উকমুকনি ঘটিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙ চৰকাৰে পাহাৰীয়া জনজাতিসকলৰ আবেগকলৈ ঘৃণাৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰ বিধানসভাৰ চিন-কুকি-মিজো-জমি পাহাৰীয়া জনজাতিসকলক প্ৰতিনিধিত্ব কৰা ১০ গৰাকী নিৰ্বাচিত বিধায়কে মণিপুৰৰ পৰা বিচ্ছিন্ন হৈ পৃথক প্ৰশাসন দাবী কৰিছে ।

শুকুৰবাৰে ভাৰত চৰকাৰৰ উদ্দেশ্যি দিয়া এক প্ৰেছ বিবৃতি কয় যে ভাৰতৰ সংবিধানৰ অধীনত কুকি মিজো আৰু জমি পৃথক প্ৰশাসনৰ বাবে বিচাৰিছে যাতে শান্তিপূৰ্ণভাৱে প্ৰতিবেশী হিচাপে থাকে মণিপুৰ। দহ গৰাকী জনজাতীয় বিধায়কৰ স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে, মণিপুৰত ২০২৩ চনৰ ৩ মে’ৰ পৰা আৰম্ভ হোৱা অবিৰত হিংসাত চিন-কুকি-মিজো-জমি পাহাৰীয়া জনজাতিসকলৰ বিৰুদ্ধে বৰ্তমানৰ মণিপুৰ চৰকাৰৰ মৌন সমৰ্থনত সংখ্যাগৰিষ্ঠ মেইটেইসকলে ইতিমধ্যে ৰাজ্যখন বিভাজন কৰি মণিপুৰ ৰাজ্যৰ পৰা সম্পূৰ্ণ পৃথকীকৰণৰ কৰি পেলাইছে।

বৰ্তমানৰ মণিপুৰ ৰাজ্যৰ অধীনত চিন-কুকি-মিজো-জমি আৰু অস্তিত্ব থাকিব নোৱাৰে। জনজাতীয় সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা আৰু হিংসাত্মক ঘটনাই বিধায়ক, মন্ত্ৰী , ধৰ্মীয় যাযক, আৰক্ষী আৰু অসামৰিক বিষয়া, সাধাৰণ মানুহ, মহিলা আনকি শিশুকো ৰেহাই দিয়া নিদিলে । উপাসনাস্থলী, ঘৰ-দুৱাৰ আৰু সম্পত্তি ধ্বংস কৰে । এই ভয়াবহ হিংসাত্মক ঘটনাৰ পাছত পুনৰ মেইটেইৰ মাজত জীয়াই থকাটো আমাৰ জনসাধাৰণৰ বাবে মৃত্যুৱেই ভাল । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে, জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমি আজি আমাৰ জনসাধাৰণৰ আৱেগক প্ৰতিনিধিত্ব কৰিছো আৰু মণিপুৰ ৰাজ্যৰ পৰা তেওঁলোকৰ বিচ্ছিন্নতাৰ ৰাজনৈতিক আকাংক্ষাক সমৰ্থন কৰিছো।

আনহাতে মণিপুৰৰ পাহাৰীয়া জিলাৰ ১০ জন জনজাতীয় বিধায়কে কয় যে তেওঁলোকে আমাৰ জনসাধাৰণ হিচাপে ল’বলগীয়া অধিক পদক্ষেপ সন্দৰ্ভত নিজৰ জনসাধাৰণৰ সৈতে অতি সোনকালে ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । তেওঁলোকেও অভিযোগ উত্থাপিত কৰি কয় যে মণিপুৰ চৰকাৰে চিন-কুকি-মিজো-জমি জনগোষ্ঠীক সুৰক্ষা দিয়াত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হ’ল। তদুপৰি মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত কৈছে যে জাতিগত হিংসাৰ কাৰণ ভুল বুজাবুজি আৰু যোগাযোগৰ ব্যৱধান । উল্লেখযোগ্য যে মণিপুৰৰ ইম্ফল, মৰেহ, বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংপকপি জিলা কেইখন বিগত ত্ৰিশ বছৰৰ ভিতৰত দুয়োটা সম্প্ৰদায়ৰ মাজত হত্যা, অগ্নিসংযোগ আৰু ভয়ংকৰ জাতিগত হিংসাৰ সাক্ষী হৈ ৰ'ল ।

বুধবাৰে মণিপুৰৰ পৰা বিচ্ছিন্ন হৈ পৃথক প্ৰশাসনৰ দাবীত স্বাক্ষৰ কৰা ১০ জন বিধায়ক হল হাওখোলেট কিপগেন, নুৰছাংলুৰ , কিমনেও হাওকিপ হাংছিং , এম এল খাওটে, লেটপাও হাওকিপ , লেটজামাং হাওকিপ , পাওলিয়েনলাল হাওকিপ , নেমচা কিপগেন ,আৰু থানিয়ন উল্লেখযোগ্য যে মণিপুৰৰ এই দহ গৰাকী জনজাতীয় বিধায়কৰ এনে পৃথক প্ৰশাসন দাবীয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙ চৰকাৰ প্ৰতি নিশ্চিত ভাৱে এক বৃহৎ প্ৰত্যাহ্বান সৃষ্টি কৰিব।

মণিপুৰৰ পৰা বিচ্ছিন্ন হ'ব কুকি-মিজো-জমি জনজাতি...
ইমান সোনকালে অসমীয়াই তেওঁক পাহৰিব পাৰনে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in