ননৈ মহাবিদ্যালয়ত "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ শাখা গঠন...

ননৈ মহাবিদ্যালয়ত "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ শাখা গঠন...

author-image
Asomiya Pratidin
New Update
ননৈ মহাবিদ্যালয়ত "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ শাখা গঠন...

ননৈ মহাবিদ্যালয়ত "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ শাখা গঠন...

ডিজিটেল সংবাদ বঢ়মপুৰ: জাতীয় দ্বায়ৱদ্ধ ভূমিকাৰে মাতৃভাষাৰ শুদ্ধ আৰু স্পষ্ট ৰূপটিক নৱপ্ৰজন্মৰ মুখত তুলি ধৰা আৰু কন্ঠকলা আবৃত্তিক জনমুখী কৰাৰ উদ্দেশ্য আগত ৰাখি আজি নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ " নগাঁও জিলা সমিতিৰ উদ্যোগত এটি শাখা গঠন কৰা হয় ।

Advertisment

"অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ সংবিধান মৰ্মে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত ক্ষুদ্ৰ শাখা গঠন কৰি আবৃত্তিৰ মাধ্যমেৰে অসমীয়া ভাষা চৰ্চাৰ পৰিৱেশ নিৰ্মাণ কৰিবলৈ লোৱা প্ৰয়াসক সাকাৰ ৰূপ দি ননৈ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মাৰ সভাপতিত্বত নগাঁও জিলা সমিতিৰ সম্পাদক দুৰ্লভ পৱন বৰুৱা, উপ-সভাপতি(প্ৰশাসন) ড০ বসন্ত বৰা, উপ-সভাপতি(সহযোগিতা) ড০ কবিতা দেৱী কুশ্ৰে, সাংগঠনিক সম্পাদক(সংগঠন) ক্ৰমে- ৰাজেন ফুকন আৰু জাহ্নৱী ভূঞা আৰু যুটীয়া সম্পাদক(শিক্ষা-কৰ্মশালা) প্ৰণামী শাণ্ডিল্যৰ উপস্থিতিত সাতজনীয়া সদস্যৰে ননৈ মহাবিদ্যালয় ক্ষুদ্র শাখাটি গঠন কৰে ।

সেই মৰ্মে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা শৰ্মা আৰু "IQAC" সমন্বয়ক ৰাতুল শইকীয়াক উপদেষ্টাৰূপে মনোনীত কৰি ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা দেৱযানী বৰাক সভাপতি, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰুণু দেৱীক উপ-সভাপতি, মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ সুকন্যা বৰাক সম্পাদক, লোক-সংস্কৃতি বিভাগৰ সহকাৰী অধ্যাপিকা ভনিতা শইকীয়াক সহকাৰী সম্পাদক আৰু ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদিকা বন্যাশ্ৰী বৰা, ছাত্ৰী বিভা বৰা, ছাত্ৰ অভিজিৎ বৰাক কাৰ্যনিৰ্বাহ সদস্যৰূপে দ্বায়িত্ব অৰ্পণ কৰা হয় ।

তদুপৰি সভাত অংশগ্রহণ কৰা বৃহত্তৰ ননৈ অঞ্চলৰ বহুকেইজন গণ্য-মান্য ব্যক্তি আৰু সাংস্কৃতিক কৰ্মীক দ্বায়িত্ব অৰ্পণেৰে "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ ননৈ শাখাটিও গঠন কৰা হয়। সেই মৰ্মে ড০ জুনু দেৱী, কল্যাণ নাথ, মেৰীৰাণী দেৱীক উপদেষ্টাৰূপে মনোনীত কৰি বিশিষ্ট অভিনেতা পুলক গোস্বামীক সভাপতি, ভূপেন শইকীয়াক সম্পাদক, অভিনেতা পংকজ ভট্টাচার্যক কোষাধ্যক্ষ, প্ৰাক্তন ছাত্ৰনেতা জোনমণি বৰুৱাক উপ-সভাপতি, সংগীত শিল্পী তথা যুৱ অভিনেতা বিকাশ শইকীয়াক সহকাৰী সম্পাদক, পুলিন মুদৈক সাংগঠনিক সম্পাদক; বেদান্ত গগৈ, নয়নজ্যোতি বৰা, লখিমী শইকীয়া, লাকী বৰা আৰু জুপিমণি বৰাক কাৰ্যনিৰ্বাহ সদস্যৰূপে গ্ৰহণ কৰি তিনি বছৰীয়া কাৰ্যকালৰ বাবে এখনি পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন কৰে ।

ননৈ মহাবিদ্যালয়ৰ অমৃত মুদৈ, দিব্যমণি নাথ, মানস বৰাৰ উপৰি প্ৰণৱ নাথ, পম্পী কুমাৰী প্ৰমুখ্যে বহুসংখ্যক ছাত্ৰীয়ে অংশগ্রহণ কৰা আৰু ড০ বসন্ত বৰাই আঁত ধৰা সভাখনিত জিলা সাংগঠনিক সম্পাদক ৰাজেন ফুকনে উদ্দেশ্য ব্যাখ্যা,সম্পাদক দুৰ্লভ পৱন বৰুৱাই "অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ"ৰ সাংবিধানিক মহত্ত্ব আৰু কাৰ্যপন্থা সম্পর্কে বিস্তৃতভাৱে অৱগত কৰে ।

Also Read: ৰঙিয়াৰ তুলসীবাৰীত ৰাজহুৱা সত্ৰৰ নামঘৰ উদ্বোধন বিধায়ক ভৱেশ কলিতাৰ...

ননৈ মহাবিদ্যালয়