/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d906f7ce-11cb-48b6-ba2c-0ae3e741ff09/5.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: ৰাজ্যখনৰ আগশাৰীৰ সমাজ-সাহিত্য তথা সাংস্কৃতিক দিশৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন 'আৰোহণ' ফাউণ্ডেশ্যনে নগাঁৱৰ অশোক কুমাৰ বৰাক বৰ্ষশ্ৰেষ্ঠ সমাজকৰ্মী বঁটা প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মহাপুৰুষ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সোমবাৰে সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অশোক কুমাৰ বৰাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানে।
উক্ত অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শক্তি, সমবায় আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, ইউ এছ টি এমৰ প্ৰ-উপাচাৰ্য্য ড: বলেন্দ্ৰ কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ ড:দয়ানন্দ পাঠক আৰু 'আৰোহণ'ৰ সঞ্চালক ড: সীমা বৰা। উল্লেখযোগ্য যে, বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে আৰোহণৰ দ্বাৰা সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানতে ৰাজ্য খনৰ বিভিন্ন জিলাৰ দিবাংগ সকলৰ মাজত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰে।
নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে সমবেত লোকসকলক আপ্লুত কৰে। আনকি ঘোষা পৰিৱেশনে সভাত উপস্থিত থকা অসম চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰীকো মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই অনুষ্ঠানৰ অন্তত আৰোহণে ৰাজ্য খনৰ এশ গৰাকী দিবাংগলৈ হুইল চেয়াৰ আগবঢ়োৱা বাবে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৯ গৰাকী ব্যক্তিক মন্ত্ৰী সঞ্জয় কিষান আৰু মন্ত্ৰী নন্দিতা গাৰ্লোছাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
হুইল চেয়াৰ আৰু বঁটা প্ৰদান কৰি মন্ত্ৰী সঞ্জয় কিষানে নিজৰ ভাষণ প্ৰসঙ্গত কয়- আৰোহণৰ এই প্ৰচেষ্টা আৰু মানৱ সেৱাৰ যি স্পীহা ই অতিকে প্ৰশংসনীয়।দিবাংগ সকল সমাজৰ অবিচ্ছেদ্য অংগ। গতিকে এইসকল লোকক বাদ দি আমি এখন সুন্দৰ সমাজৰ সপোন দেখিব নোৱাৰোঁ।
সেয়েহে সকলোৱে হাতে-হাত ধৰি এইসকল লোকক সামাজিক ভাৱে, শৈক্ষিক ভাৱে, সাংস্কৃতিক ভাৱে আৰু অৰ্থনৈতিক ভাৱে আগবঢ়ায় নিয়াৰ বাবে চেষ্টা চলাব লাগিব। মন্ত্ৰী কিষানে আৰোহণৰ এই মানৱ সেৱাৰ অবিৰত যাত্ৰাত আমাৰ তৰফৰ পৰা সকলো ধৰনৰ সহায় -সহযোগিতা আগবঢ়ায় যাব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।
অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শক্তি আৰু সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই সমাজকৰ্মী ড: সীমা বৰাৰ উদ্যোগত গঢ়ি উঠা আৰোহণৰ মানৱ সেৱাৰ প্ৰতি উচৰ্গিত মন-প্ৰাণক উচ্চ প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত দিনটো এনেদৰে আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us