নগাঁৱৰ দুই গৰাকী মহিলালৈ 'অসম সাহিত্য সভা'ৰ বঁটা

নগঞা লেখিকা অঞ্জলি মহন্তলৈ অসম সাহিত্য সভাই আগবঢ়াইছে 'ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা'৷ লেখিকা গৰাকীয়ে 'বনাই চোৰৰ ৰং' শীৰ্ষক ব্যংগ সাহিত্যৰ সংকলনৰ এই বঁটা লাভ কৰিছে৷
নগাঁৱৰ দুই গৰাকী মহিলালৈ 'অসম সাহিত্য সভা'ৰ বঁটা

ডিজিটেল সংবাদ,নগাঁও : নগঞা লেখিকা অঞ্জলি মহন্তলৈ অসম সাহিত্য সভাই আগবঢ়াইছে 'ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা'৷ লেখিকা গৰাকীয়ে 'বনাই চোৰৰ ৰং' শীৰ্ষক ব্যংগ সাহিত্যৰ সংকলনৰ এই বঁটা লাভ কৰিছে৷

আনহাতে নতুন লেখকৰ উপন্যাসৰ পাণ্ডুলিপিৰ বাবে নগঞা উদীয়মান লেখিকা প্ৰতিভা ভাগৱতীয়ে লাভ কৰিছে অসম সাহিত্য সভাৰ 'গিৰিধৰ শৰ্মা বঁটা'৷ দুয়োগৰাকী লেখিকাৰ অসমৰ পৰা প্ৰকাশিত প্ৰায় সকলো আগশাৰীৰ কাকত-আলোচনীত গল্প-কবিতা-ৰচনাকে ধৰি সাহিত্যৰ বিভিন্ন বিষয়ৰ লেখা হৈ আহিছে৷

প্ৰান্তিক (দৈনন্দিন), নন্দিনী আৰু সাদিনত প্ৰকাশ হোৱা কিছু ব্যংগ ৰচনাৰ সংকলন "বনাই চোৰৰ ৰং" অঞ্জলি মহন্তৰ প্ৰথম ব্যংগ-সাহিত্য৷ লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভ কৰা ব্যঙ্গ-সাহিত্য ৰচনাৰ এই যাত্ৰাত অসমীয়া মহিলা লেখক নাই বুলিবই পাৰি ৷

এই ক্ষেত্ৰত অঞ্জলি মহন্তৰ সংকলনখন অসমীয়া ব্যঙ্গ-সাহিত্যলৈ উল্লেখযোগ্য অবদান ৷ 'বনাই চোৰৰ ৰং' প্ৰকাশ কৰিছে নগাঁও তথা অসমৰে উল্লেখযোগ্য প্ৰকাশন প্ৰতিষ্ঠান 'বহু-আনন্দ'ই৷

উল্লেখ্য যে অহা ২ ফেব্রুৱাৰী বিয়লি ৩-৩০ বজাত নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনত এই বঁটা প্ৰদান কৰা হ'ব৷ অঞ্জলি মহন্ত আৰু প্ৰতিভা ভাগৱতীয়ে এই বঁটাৰ জৰিয়তে নগাঁৱৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে৷

আৰু পঢ়ক: ২৯ সপ্তাহত গৰ্ভপাত উচিত নহয়, শিশু জীয়াই থকাৰ সম্ভাৱণা অধিক: ন্যায়ালয়ত এইমচ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in