
ডিজিটেল সংবাদ, কলিয়াবৰঃ আর্যভট্ট বিজ্ঞান কেন্দ্র, কলিয়াবৰ উন্নয়ন খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত মঙ্গলবাৰে কলিয়াবৰ মহাবিদ্যালয়ত কলিয়াবৰ খণ্ডৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান সমাৰোহ অনুস্থিত হয়। কলিয়াবৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা আর্যভট্ট বিজ্ঞান কেন্দ্ৰ কলিয়াবৰৰ সমন্বয়ক ড০ ৰিজীব কুমাৰ বৰাৰ তত্বাৱধানত অনুষ্ঠিত বিজ্ঞান সমাৰোহখন কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাই উদ্বোধন কৰে।
বিজ্ঞান সমাৰোহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্রতিযোগিতাত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ লিপাশ্ৰী দেৱীয়ে প্রথম স্থান, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডলিপ্ৰিয়া বৰাই দ্বিতীয় স্থান আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বনশ্রী শর্মাই তৃতীয় স্থান লাভ কৰে ।
পষ্টাৰ ড্রয়িং প্রতিযোগিতাত শঙ্কৰদেৱ শিশু নিকেতনৰ শিবানী বিশ্বাসে প্রথম স্থান, বিমলা একাডেমিৰ জ্ঞানম কোঁৱৰে দ্বিতীয় স্থান আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বনজোস্না বৰাই তৃতীয় স্থান লাভ কৰে। আইডিয়া প্রতিযোগিতাত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৰূপশিখা বৰাই প্ৰথম স্থান, শিশুবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰণজিত বৰাই দ্বিতীয় স্থান আৰু চেইন্ট ৰবাৰ্ট হাইস্কুলৰ প্ৰাপ্তি কাশ্যপ হাজৰিকা আৰু হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ৰ কৌস্তভ বৰুৱাই যুটীয়া ভাবে তৃতীয় স্থান দখল কৰে।
বিজ্ঞান আৰ্হি প্রদর্শনী প্রতিযোগিতাত বিমলা একাডেমি জখলাবন্ধা স্কুলে ক্রমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ লগতে হিন্দুস্থানী কেন্দ্রীয় বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। বিয়লি অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নগাঁও জিলাৰ সমন্বয়ক কিশোৰ দেৱ, আর্যভট্ট বিজ্ঞান কেন্দ্ৰ খাগৰিজান খণ্ডৰ সমন্বয়ক উদ্ধৱ শইকীয়া উপস্থিত থাকে । এই অনুষ্ঠানত পানীক আৰ্ছেনিক মুক্ত কৰিব পৰা কেপচুল উদ্ভাৱনেৰে চমক সৃষ্টি কৰা কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই বিজ্ঞান শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ইন্টেলছুৱেল প্ৰপাৰ্টি ইণ্ডিয়াৰ ওপৰত বক্তব্য আগবঢ়ায়।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোবৃত্তি গঢ়ি তুলি শৈক্ষিক ক্ষেত্ৰত উত্তৰণ ঘটাবলৈ আয়োজন কৰা বিজ্ঞান সমাৰোহত অধ্যাপক ড০ ৰিজীব কুমাৰ বৰাই প্ৰতিযোগিতাৰ আঁত ধৰা এই বিজ্ঞান সমাৰোহখনত কলিয়াবৰৰ ২১ খন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে তত্ত্বাবধায়ক শিক্ষক- শিক্ষয়িত্ৰী সকলে অংশগ্রহণ কৰে। প্ৰতিযোগিতাৰ মূল্যায়নৰ বাবে আমন্ত্ৰণ কৰা বিচাৰক সকল হ’ল ক্ৰমে ড০ অনুপম কুমাৰ মেধি, শ্ৰীযুত চিৰঞ্জীৱ বেজবৰুৱা, ড০ বশিষ্ট কলিতা, ড০ ৰি ভঁৰালী, অভিজিত সোনোৱাল, ভবেন বৰুৱা আৰু গুণমনি ওজা।
পুৰষ্কাৰ বিতৰণৰ অন্তত মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ও আর্যভট্ট বিজ্ঞান কেন্দ্ৰ কলিয়াবৰখণ্ডৰ এজন সক্রিয় সদস্য ভবেন বৰুৱাই আর্যভট্ট বিজ্ঞান কেন্দ্র কলিয়াবৰৰ হৈ সকলো ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রীক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰি উক্ত অনুষ্ঠানটিৰ সামৰণি ঘোষণা কৰে।