/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a2367dd1-3b6b-42a2-a532-94cf9e5542f4/ijooj.jpg)
ডিজিটেল সংবাদ ,নগাঁও: চলিত লোকসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি সোমবাৰে নগাঁও জিলাত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল উপস্থিত হয়। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা ৯নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কাম কাজৰ বুজ লয়।
ইয়াৰ পিছতে বিষযাজনে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা ই ভি এম থবলগীয়া ষ্ট্ৰং ৰুম সমূহ পৰিদৰ্শন কৰে। তেখেতৰ এই পৰিদৰ্শন কালছোৱাত জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহ , জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নিৰ্বাচনী বিষয়া মানস প্ৰতিম নাথৰ লগতে বিভিন্ন নিৰ্বাচনী কোষৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: এইবাৰ কংগ্ৰেছক শূন্য কৰিম,মুছলমান ৰাইজক শুহি শুহি খোৱা দালাল নাইকীয়া কৰিম: পিযুষ হাজৰিকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us